ETV Bharat / state

Illegal liquor seized in Sonitpur : আবকাৰী বিভাগৰ অভিযানত জব্দ ৪০ লাখ টকাৰ সুৰা

author img

By

Published : Mar 13, 2022, 1:19 PM IST

Illegal supply of alcohol
বালিপৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

শোণিতপুৰৰ বালিপৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ (Illegal liquor seized in Sonitpur) । আবকাৰী বিভাগে বিলাতী সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰে । ট্ৰাকৰ চালকক আটক ।

তেজপুৰ, ১৩ মাৰ্চ : ৰাজ্যৰ অব্যাহত আছে সুৰাৰ অবৈধ সৰবৰাহ (Illegal supply of liquor in Assam) । যাৰ বাবে আবকাৰী বিভাগ আৰু আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই আহিছে । তেনে এক অভিযানৰ মাজতে শনিবাৰে শোণিতপুৰ জিলাৰ আবকাৰী বিভাগে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় (Excise department of Sonitpur seized illicit liquor) ।

Illegal supply of alcohol
বালিপৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ভালুকপুঙৰ পৰা মহাদেৱপুৰলৈ গৈ থকা অৱস্থাত বালিপৰাত এখন ট্ৰাকৰ পৰা জব্দ কৰে প্ৰায় ১৬০০ কাৰ্টন বিলাতী সুৰা । অবৈধ সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ (Illegal liquor laden truck seized in Sonitpur) লগতে ট্ৰাকৰ চালককো বিভাগে কৰায়ত্ত কৰি আৰক্ষীক হস্তান্তৰ কৰিছে ।

অনুজ্ঞাপত্ৰ বিহীন সুৰাখিনিৰ মূল্য প্ৰায় ৮০ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে । ইফালে ট্ৰাকখনৰ নথিপত্ৰকলৈও আৰক্ষীৰ সন্দেহ হৈছে । কিয়নো বাহনখনৰ পঞ্জীয়ন নম্বৰ আৰু চেচিছ নম্বৰৰ কোনো মিল নাই ।

Illegal supply of alcohol
বালিপৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

আনহাতে, শোণিতপুৰ জিলাৰ মাজেৰে প্ৰায়ে এনেদৰে অৰুণাচলৰ পৰা সুৰাৰ অবৈধ সৰবৰাহ হোৱা দেখা যায় । কিন্তু এইক্ষেত্ৰত বহু সময়ত আবকাৰী বিভাগৰ নমনীয় স্থিতি গ্ৰহণ কৰা দেখা যায় । যাক লৈ একাংশ লোকে বিভিন্ন ধৰণৰ প্ৰশ্নও উত্থাপন কৰিছে ।

লগতে পঢ়ক : Illegal Cattle Smuggling : চৰাইদেউৰ সাপেখাটিত গৰুৰ চোৰাং সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.