ETV Bharat / state

গাভৰু নৈৰ গৰাখহনীয়াত জাহ গ’ল কেইবা বিঘা কৃষিভূমি

author img

By

Published : Jul 30, 2020, 11:39 AM IST

ৰঙাপৰাত গাভৰু নৈৰ গৰাখহনীয়াত জাহ যায় বৃহৎ পৰিমাণৰ কৃষিভূমি ৷ চিন্তিত হৈ পৰিছে কৃষক ৰাইজ ৷ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

Gabharu river erosion at Rangapara
গাভৰু নৈৰ গৰাখহনীয়াত জাহ গ’ল কেইবা বিঘা কৃষিভূমি

ৰঙাপৰা, 30 জুলাই : ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বান আৰু গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অহাৰ সময়তে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো গাভৰু নৈত অব্যাহত আছে গৰাখহনীয়া । নৈখনৰ খহনীয়াত জাহ গ’ল কেইবা বিঘা কৃষিভূমি ।

ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠাকুৰবাৰী গাঁও পঞ্চায়ত এলেকাৰ ভেলুৱাটাৰ গাঁৱৰ বহু কৃষক ৰাইজৰ কৃষিভূমি নৈখনে খহাই নিয়ে। ফেনে-ফুটুকাৰে বাঢ়ি অহা নৈখনৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰি অঞ্চলটোৰ কৃষক ৰাইজ চিন্তিত হৈ পৰিছে ।

ভেলুৱাটাৰ গাঁৱৰ কৃষক চাইফুল হুছেইনৰ 6 বিঘা, আব্দুল চাহিদৰ 9 বিঘা, আব্দুল হাচেমৰ 6 বিঘা, আলি আকবৰৰ 12 বিঘা, আব্দুল কাচেমৰ 3 বিঘা, আলি আহমেদৰ 4 বিঘাকে ধৰি কেইবা গৰাকীও কৃষকৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱা বুলি জানিব পৰা গৈছে । ইফালে বান নিয়ন্ত্ৰণৰ বাবে নৈৰ পাৰত নিৰ্মাণ কৰা পূৰ্বৰ মথাউৰিটোৰ আজি অস্তিত্ব নাই ।

গাভৰু নৈৰ গৰাখহনীয়াত জাহ গ’ল কেইবা বিঘা কৃষিভূমি

2013 চনত ঠাকুৰবাৰী গাঁও পঞ্চায়তে এম জি এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰা 500 মিটাৰ দৈৰ্ঘৰ মথাউৰিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে নৈ খনে । নৈৰ পাৰত বানৰ পৰা ৰক্ষা পাবলৈ স্থানীয় ৰাইজে প্ৰায় 60-70 হাজাৰ টকা ব্যয় কৰি নিৰ্মাণ কৰা বান্ধটোত নৈখনে খহনীয়াৰ সৃষ্টি কৰিছে ।

এই বান্ধটো ছিগি গ’লে সমগ্ৰ অঞ্চলটোত বানপানীৰ সৃষ্টি হ’ব আৰু নৈপৰীয়া প্ৰায় 400-500 টা পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ নৈখনৰ এই গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে কৃষক তথা গাঁওবাসীয়ে ।

লগতে পঢ়ক : বিলাসীপাৰাত বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.