ETV Bharat / state

চত্ৰং নৈৰ সংহাৰী ৰূপ : বানত বুৰিল গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Jul 8, 2019, 5:34 PM IST

চত্ৰং নৈৰ সংহাৰী ৰূপ

চত্ৰং নদীৰ ভগ্ন অংশয়েদি বৈ অহা আহাৰৰ বানে প্লাৱিত কৰিছে গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল । ফলত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

শোণিতপুৰ, 8 জুলাই : চত্ৰং নদীৰ ভগ্ন অংশয়েদি বৈ অহা আহাৰৰ বানে প্লাৱিত কৰিছে গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল । বানৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোত জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল যদিও আজিকোপতি নিৰ্মাণ নহ'ল মথাউৰি ৷ ফলত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ ফলত ক্ষোভিত হৈ পৰা নগৰবাসীয়ে সোমবাৰে ওলাই আহি প্ৰতিবাদমুখৰ হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

চত্ৰং নৈৰ সংহাৰী ৰূপ

ইপিনে বিগত কেইবাদিনো ধৰি অহা ধাৰাষাৰ বৰষুণৰ ফলত উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়িছে ফলত বিভিন্ন অঞ্চল বানে প্লাবিত কৰিছে , যদিও খৱৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধি তথা প্ৰশাসনৰ । আনহাতে বানপানীৰ ফলত অঞ্চলটোত নানা ধৰণৰ ৰোগে দেখা দিছে । ফলত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷

Intro:- গহপুৰত চত্ৰং নৈৰ সংহাৰী ৰূপ#বানত প্লাবিত নগৰৰ ৬ নং আৰু ১ নং ৱাৰ্ড#বানাক্ৰান্তৰ প্ৰতিবাদ ।

তেজপুৰ,৮ জুলাই : - এজাক বৰষুনতে বুৰিল নগৰৰ ৬ নং আৰু ১ নং ৱাৰ্ড । চত্ৰং নদীৰ ভগ্ন অংশয়েদি বৈ অহা আহাৰৰ বানে প্লাৱিত কৰিছে নগৰৰ বিস্তিৰ্ন অঞ্চল । তিনি বছৰে নিৰ্মান নহল মথাউৰি। ই¸ এন¸ ডি বিভাগে মথাউৰি নিৰ্মান কৰাৰ দায়িত্ব গ্ৰহন কৰিছিল যদিও আজিকোপতি মথাউৰি নিৰ্মান নহল । Body:গহপুৰ অঞ্চলত যাতায়াতৰ ক্ষেত্ৰত যমৰ যান্তনা ভুগ কৰি আহিছে স্থানীয় লোক সকলে । সেয়ে নগৰৰবাসীয়ে প্ৰতিবাদ মুখৰ হৈ পৰাৰ লগতে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰে ।

বিগত কেইবাদিনো ধৰি ধাৰাষাৰ বৰষুনৰ ফলত উপনৈ সমূহ ফেনে ফুটুকাৰে বঢ়িছে ফলত বিভিন্খন অঞ্চল বানে প্লাবিত কৰিছে , কিন্ত খৱৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধি তথা প্ৰশাসনৰ । বানপানীৰ ফলত নানা ধৰনৰ ৰোগে দেখা দিছে । ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ।
Bite:- 1,2 স্থানীয় লোক ।Conclusion:বানপানীৰ ফলত নানা ধৰনৰ ৰোগে দেখা দিছে । ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷ আনহাতে ৰাষ্টীয় ঘাই পথলৈও ভাবুকিৰ সৃষ্টি কৰিছে চত্ৰং নৈৰ পানীয়ে ৷ পৰিস্থিতিৰ মোকাব্লা কৰিবলৈ কি ব্যৱস্থা গ্ৰহন কৰে প্ৰশাসনে সেয়া সময়তহে লক্ষনীয় হব ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
8/7/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.