ETV Bharat / state

Flood in Sonitpur : মিছামাৰীত বেঙেনাজুলি নৈৰ তাণ্ডৱ

author img

By

Published : Jun 17, 2022, 9:24 PM IST

Flood in Sonitpur
মিছামাৰীত বেঙেনাজুলি নৈৰ তাণ্ডৱ

শোণিতপুৰ জিলাৰ বেঙেনাজুলি নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নৈখনৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে নবিল গাঁও আৰু কিষানবস্তি গাঁও (Rangapara is under flood)। কেইবাটাও পৰিয়ালৰ বাসগৃহ পানীয়ে বুৰাই পেলাইছে । নিৰাপদ স্থানত আশ্ৰয় লৈছে গাঁওবাসীয়ে ।

ৰঙাপাৰা, ১৭ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰো বিভিন্ন স্থানত বানে ভয়ংকৰ ৰূপ লৈছে (Flood situation in Sonitpur)। ইফালে অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত শোণিতপুৰ জিলাৰ বেলশিৰি, গাভৰু, জৰাসৰ, ডিপোটা, বেঙেনাজুলি, মানশিৰি আদি নৈসমূহ ফেনে-ফোটোকাৰে বাঢ়ি আহিছে । নেৰানেপেৰা বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মিছমাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা বেঙেনাজুলি নৈখনৰ বাঢ়নী পানীয়ে নবিল গাঁও আৰু কিষানবস্তি গাঁওখন প্লাবিত কৰিছে (Two villages submerged in Rangapara)।

বানৰ কৱলত পৰিছে গাঁওখনৰ কেইবাটাও পৰিয়াল । মিছমাৰীৰ নবিল গাঁও আৰু কিষানবস্তি গাঁৱত এক প্ৰকাৰ সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । পানীৰ মাজত আৱদ্ধ হৈ পৰা কেইবাটাও পৰিয়ালে ইতিমধ্যে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । কিষানবস্তি গাঁৱলৈ যোৱা পথচোৱাৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত যাতায়ত ব্যৱস্থাও স্তব্ধ হৈ পৰিছে ।

Flood in Sonitpur : মিছামাৰীত বেঙেনাজুলি নৈৰ তাণ্ডৱ

তথ্য অনুসৰি নবিল গাঁৱৰ নিবাসী সুকুমায়া লিম্বু, বিমলা লিম্বু, লক্ষণ গৌতম, কদম বাহাদুৰ ছেত্ৰী, নাৰায়ণ ছেত্ৰী আদি লোকৰ বাসগৃহসমূহ সম্প্ৰতি বাঢ়নী পানীয়ে বুৰাই পেলাইছে । ইয়াৰোপৰি বেঙেনাজুলি বাঢ়নি পানীয়ে কিষানবস্তি গাঁৱৰ অশোক ভেংৰা, শিৱনাথ ভেংৰা, চুকৰা কিষান, জগধীশ ভেংৰা, মুক্তি গুড়িয়া, অৰুণ গৌড়, কমল লিম্বু, বিজয় ৰায়, দেবীমায়া লিম্বু, ৰাজেন গুড়িয়াৰ ঘৰ বুৰাই পেলাইছে ।

বানৰ কৱলত পৰা লোকসকলে ইতিমধ্যে গাঁওখনত থকা কিষানবস্তি প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈছে । বেঙেনাজুলি নৈখনৰ পানীয়ে নবিল গাঁৱত থকা শংকৰদেৱ শিশু নিকেতনখনো প্লাৱিত কৰিছে । যাৰ বাবে বিদ্যালয়খনত পাঠদান বন্ধ কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক :পুনৰ খুলি দিয়া হ’ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন শ্লু’ইজ গেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.