ETV Bharat / state

তেজপুৰ পাঞ্জাৱ নেচনেল বেংকত বিধ্বংসী অগ্নিকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 1:54 PM IST

Updated : Nov 21, 2023, 2:29 PM IST

তেজপুৰৰ পাঞ্জাৱ নেচনেল বেংকত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় লোকে সন্দেহ কৰিছে ৷

fire break out in Punjab National bank Tezpur
তেজপুৰ পাঞ্জাৱ নেচনেল বেংকত বিধ্বংসী অগ্নিকাণ্ড

তেজপুৰ পাঞ্জাৱ নেচনেল বেংকত বিধ্বংসী অগ্নিকাণ্ড

তেজপুৰ, ২১ নৱেম্বৰ : তেজপুৰৰ মাজমজিয়াত থকা পাঞ্জাৱ নেচনেল বেংকত সোমবাৰে নিশা হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় পাঞ্জাৱ নেচনেল বেংকটো । চহৰখনৰ মাজ মজিয়াত থকা বেংকটোত কৰ্তৃপক্ষই নিশা প্ৰায় ৮ বজাত বেংক বন্ধ কৰি যোৱাৰ পিচতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি স্থানীয় লোকে আশংকা কৰিছে ৷

এই অগ্নিকাণ্ড দেখি কাষতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকে আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে দুপৰ নিশালৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে । প্ৰায় ৭ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিশা ১ বজালৈ প্ৰচেষ্টা অব্যাহত ৰাখে ।

ইয়াৰ পিচতে মঙলবাৰে বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা জানিব পৰা মতে, বেংকৰ ভিতৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ যদিও বেংকৰ কৰ্তৃপক্ষই কেমেৰাৰ সন্মুখত কোনো তথ্য দিয়াৰ পৰা বিৰত থাকে।

ইফালে এই অগ্নিকাণ্ডত বেংকৰ লকাৰৰ কাৰণে টকা পইচা জমা লোৱা কক্ষ, ডাটা সংৰক্ষণৰ কোঠাকে ধৰি তাৰ ভিতৰৰ সকলো নথি-পত্ৰ জ্বলি ছাই হৈ যায় । বেংকত কিছু নগদ টকা থকাৰ অৱকাশ আছে যদিও কৰ্তৃপক্ষই এইবিষয়ে মৌখিকভাৱে একো ক’বলৈ অস্বীকাৰ কৰে । শোণিতপুৰ জিলা প্ৰশাসনৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ঘটনাস্থলীত উপস্থিত থাকি তদাৰক কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ভয়ংকৰ পথ দুৰ্ঘটনা, এজন থিতাতে নিহত

Last Updated :Nov 21, 2023, 2:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.