ETV Bharat / state

Scam in FCI : উৎকোচ লৈ CID ৰ জালত মাণ্ডলিক গাণনিক বিষয়া

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 1:38 PM IST

FCI official arrested on charges of extortion
CID ৰ জালত ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক গাণনিক বিষয়া

তেজপুৰত CID ৰ জালত ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক গাণনিক বিষয়া ৷

তেজপুৰ, 9 ছেপ্টেম্বৰ : তেজপুৰত উৎকোচ লৈ CID ৰ জালত পৰিল ভাৰতীয় খাদ্য নিগমৰ বিষয়া ৷ ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ মাণ্ডলিক গাণনিক বিষয়াগৰাকীক গ্ৰেপ্তাৰ । CID য়ে হাতে-লোটে ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলীক গাণনিক বিষয়া গৰাকীক ।

তেজপুৰস্থিত মাণ্ডলিক কাৰ্যালয়টোত এগৰাকী ঠিকাদাৰৰ বিল পাছ কৰি দিয়াৰ বাবদ 1 লাখ 30 হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ গাণনিক বিষয়া আব্দুল লতিফ ৷ দীৰ্ঘদিন ধৰি ভাৰতীয় খাদ্য নিগমত কৰ্মৰত বিষয়াজনে জালিয়াতিৰে বিভিন্ন ক্ষেত্ৰৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ লৈ কাম কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।

ইয়াৰোপৰিও ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক কাৰ্যালয়টোত বিভিন্ন ধৰণৰ লুণ্ঠন সংঘটিত হৈ অহাৰ কথা সমান্তৰালভাৱে পোহৰলৈ আহিছে ৷ ভাৰতীয় খাদ্য নিগমৰ অধীনত অহা বিভিন্ন খাদ্যৰ গুদাম বিন্দুকুৰী ডেকাৰ গাঁওত লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈ আহিছিল । ডেকাৰগাঁওস্থিত খাদ্য নিগমৰ ৰেগত এটা চক্ৰৰ সৈতে গোপন বুজাবুজিৰে বিভাগটোৰ একাংশ কৰ্মচাৰীয়ে ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।

সমস্ত অনিয়ম-অনীতি সন্দৰ্ভত অৱগত হৈ তথা এইক্ষেত্ৰত অতিষ্ঠ হৈ ঠিকাদাৰে গ্ৰহণ কৰে বিশেষ পদক্ষেপ ৷ অনিয়ম-অনীতিৰে লেনদেন চলোৱাৰ সময়ৰ ভিডিঅ’ গোপনে কেমেৰাত আৱদ্ধ কৰি CID ক জনোৱাৰ পিচতে CID য়ে বিশেষ তৎপৰতাৰে হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয় ভাৰতীয় খাদ্য নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ মাণ্ডলিক গাণনিক বিষয়া আব্দুল লতিফক ।

অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য প্ৰদানৰ পৰা বিৰত আছে ।

লগতে পঢ়ক: ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.