ETV Bharat / state

তেজপুৰত উদ্ধাৰ 8 টাকৈ শিশু শ্ৰমিক

author img

By

Published : Apr 3, 2022, 1:40 PM IST

eight-child-labourers-rescued-in-tezpur
তেজপুৰত উদ্ধাৰ ৮ টাকৈ শিশু শ্ৰমিক

একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি অহাৰ কথা পোহৰলৈ আহিছে ৷ সমাজ কল্যাণ বিভাগৰ অভিযানত তেনে 8 টাকৈ শিশুক উদ্ধাৰ কৰা(Eight child labours rescued) হৈছে তেজপুৰৰ পৰা ৷

তেজপুৰ, 3 এপ্ৰিল : সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা ৷ প্ৰশাসনৰ অলক্ষিতে বহুতো ব্যৱসায়-প্ৰতিষ্ঠানত নীতি বহিৰ্ভূতভাৱে ব্যৱহাৰ কৰি অহা হৈছে শিশু শ্ৰমিক ।

শনিবাৰে তেজপুৰ সদৰ থানাৰ অন্তৰ্গত গোটলং, দোলাবাৰী, পাঁচমাইল, পৰোৱা আদি অঞ্চলত সমাজ কল্যাণ বিভাগ, শিশু সুৰক্ষা সমিতিয়ে জিলা প্ৰশাসনৰ সহযোগত অভিযান চলায় ৷ অভিযানৰ কালত 8 জনকৈ শিশু শ্ৰমিক বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ(Eight child labours rescued) কৰে ৷

শিশু শ্ৰমিকক নিয়োজিত কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি শিশুসকলক ছফছিড শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ বিগত দুটা বছৰৰ লক ডাউনে বহু দৰিদ্ৰ পৰিয়ালৰ উপাৰ্জনৰ পথ ৰুদ্ধ কৰি পেলালে ৷

পৰিণতিত বহু দৰিদ্ৰ পৰিয়ালে নিজৰ সন্তানক বিদ্যালয়ত পঢ়ুৱাব নোৱাৰি দিন-হাজিৰাত ব্যৱহাৰ কৰিলে । ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছে । বৰ্তমান এইক্ষেত্ৰত তৎপৰ হৈছে সমাজ কল্যাণ বিভাগ আৰু নামি পৰিছে অভিযানত ৷

লগতে চাওক: ভাৰতত দেখা গ’ল ৰমজানৰ চন্দ্ৰ : আজিৰে পৰা পবিত্ৰ ৰোজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.