ETV Bharat / bharat

ভাৰতত দেখা গ’ল ৰমজানৰ চন্দ্ৰ : আজিৰে পৰা পবিত্ৰ ৰোজা

author img

By

Published : Apr 3, 2022, 10:32 AM IST

শনিবাৰে সন্ধিয়া ভাৰতত প্ৰত্যক্ষ কৰা হয় ৰমজানৰ প্ৰথমটো চন্দ্ৰ(Ramzan started from Saturday in India) ৷ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত দেখা যায় ৰমজানৰ চন্দ্ৰ ৷

Ramzan started from Saturday in the entire country
ভাৰতত দেখা গ’ল ৰমজানৰ চন্দ্ৰ

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : ভাৰতত শনিবাৰে সন্ধিয়া ৰমজানৰ চন্দ্ৰ প্ৰত্যক্ষ কৰা হয়(Ramzan started from Saturday in India) । উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত দেখা গৈছে ৰমজানৰ চন্দ্ৰ (Holy month of Ramzan begins) । এই অনুসৰি দেওবাৰ অৰ্থাৎ ৩ এপ্ৰিলত দেশত ৰমজানৰ প্ৰথমটো ৰোজা পালন কৰা হ'ব(Celebrating the first Ramadan fast in the country) ৷

লক্ষ্ণৌ ঈদগাহৰ ইমাম মৌলানা খালিদ ৰছিদ ফিৰংগীয়ে ৰমজানৰ চন্দ্ৰ প্ৰত্যক্ষ কৰা কথা ঘোষণা কৰি দেওবাৰে প্ৰথমটো ৰোজা পালন কৰাৰ কথা ব্যক্ত কৰে ৷

ৰমজান মুছলমানসকলৰ বাবে আটাইতকৈ পবিত্ৰ মাহ । এই মাহত মুছলমানসকলে ৰোজা ৰাখি আল্লাৰ উপাসনা কৰে । ৰমজানৰ পবিত্ৰ দিনবোৰত উপবাস খাটি, মানৱতাৰ সেৱা কৰি আৰু ঈশ্বৰৰ উপাসনাৰ দৰে কামে ধৈৰ্য, আত্ম-অনুশাসন, সহনশীলতা, সৰলতা আদিৰ মূল্যবোধক প্ৰসাৰত সহায় কৰে বুলি মুছলমানসকলে বিশ্বাস কৰে ৷

সাধাৰণতে ৰমজানৰ চন্দ্ৰ প্ৰথমে চৌদি আৰৱৰ লগতে অন্য কিছুমান পশ্চিমীয়া দেশত দেখা যায় ৷ তাৰ এদিন পিছত ভাৰত, পাকিস্তান, বাংলাদেশ আৰু অন্যান্য দেশত দেখা যায় ৰমজানৰ চন্দ্ৰ । চাৰি সপ্তাহ আৰু দুদিনৰ এই পবিত্ৰ সময়ত ইছলামৰ অনুগামীসকলে আধ্যাত্মিক আৰাধনা কৰে ।

লগতে পঢ়ক : Firing in Arunachal Pradesh: সেনাৰ গুলীত আহত অৰুণাচলৰ দুই নিৰপৰাধী যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.