ETV Bharat / state

তেজপুৰত জনতাৰ শিল্পী বিষ্ণুৰাভাক স্মৰণ

author img

By

Published : Jun 20, 2022, 1:14 PM IST

Death Anniversary of Kalaguru Bishnu Prasad Rabha Observe at Tezpur
তেজপুৰত জনতাৰ শিল্পী বিষ্ণুৰাভাক স্মৰণ

আজি বিষ্ণু ৰাভা দিৱস । কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সুঁৱৰি ৰাজ্যজুৰি পালন কৰা হৈছে তেখেতৰ মৃত্যুৰ দিনটি(Bishnu Rabha Divas) ৷ তেজপুৰ সমন্বয় ক্ষেত্ৰতো আনুষ্ঠানিকভাৱে পালন কৰা হয় বিষ্ণু ৰাভা দিৱস । বিষ্ণু ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পিতৃৰ সমাধিত ৷

তেজপুৰ, 20 জুন : ‘‘ৰাজ্যে আছে দুটি পাঠা, একটি কালো একটি ছাদা ৷ ৰাজ্যেৰ যদি মংগল চাও, দুইটি পাঠা বলি দাও’’ ৷ আজি সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি ৷ এইগৰাকী শিল্পীয়ে এহাতে কলম আৰু আনহাতে বন্দুক যদি অসমীয়াৰ চেতনাক জগাই তোলাৰ লগতে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছিল ইংৰাজৰ বাবে ৷ বিষ্ণু প্ৰসাদ ৰাভা কেৱল এজন ব্যক্তি নাছিল ৷ তেওঁ আছিল এক সত্বা, এক অনুষ্ঠান ৷

Death Anniversary of Kalaguru Bishnu Prasad Rabha Observe at Tezpur
তেজপুৰত জনতাৰ শিল্পী বিষ্ণুৰাভাক স্মৰণ

অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অপৰিসীম । তেখেত একেৰাহে আছিল কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু এজন বিপ্লৱী(Indian Artist Bishnu Prasad Rabha) ৷ কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ভগৱান শিৱৰ "তাণ্ডৱ নৃত্য"ত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল(Kalaguru Bishnu Prasad Rabha) ।

Death Anniversary of Kalaguru Bishnu Prasad Rabha Observe at Tezpur
তেজপুৰত জনতাৰ শিল্পী বিষ্ণুৰাভাক স্মৰণ

1909 চনৰ 31 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্ম লাভ কৰিছিল এই মহান শিল্পীগৰাকী ৷ পিতৃ আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ আছিল গেঠীৱালা ৰাভা ৷ ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল তেওঁ । কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয় ।

Death Anniversary of Kalaguru Bishnu Prasad Rabha Observe at Tezpur
তেজপুৰত জনতাৰ শিল্পী বিষ্ণুৰাভাক স্মৰণ

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯২৮ চনত তেওঁ চেণ্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে ৷ তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে ৷ ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিতত কলেজৰ ছাত্ৰাবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত নাম লগায় ৷ পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগ দিয়ে ।

Death Anniversary of Kalaguru Bishnu Prasad Rabha Observe at Tezpur
তেজপুৰত জনতাৰ শিল্পী বিষ্ণুৰাভাক স্মৰণ

কোচ বিহাৰতো তেখেতে স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে ৷ ইয়াতো তেখেতৰ পাছত আৰক্ষী লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে । ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে ৷ জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল ৷

Death Anniversary of Kalaguru Bishnu Prasad Rabha Observe at Tezpur
তেজপুৰত জনতাৰ শিল্পী বিষ্ণুৰাভাক স্মৰণ

১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে ৷ ১৯৪৬ চনত 'ছিৰাজ' বোলছবিৰ কামৰ বাবে কলিকতালৈ যোৱাৰ সময়তে কমিউনিষ্টৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হৈ পৰে ৰাভা ৷ ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয় আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে ৷

সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল ৷ ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ আৰু বৰ্তমান কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায় ৷ ১৯৬৯ চনৰ ২০ জুন তাৰিখে জটিল ৰোগত আক্ৰান্ত হৈ ৰাভাদেৱৰ মৃত্যু হয় ৷

এইগৰাকী মহান শিল্পীক সুঁৱৰি সমগ্ৰ ৰাজ্যতে আজি পালন কৰা হৈছে ৰাভা দিৱস ৷ ৰাজ্যত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতো ঠায়ে ঠায়ে কলাগুৰুক স্মৰণ কৰি পালন কৰা হৈছে ৰাভা দিৱস(Kalaguru Bishnu Prasad Rabha Death Anniversary Observe) ৷

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ সমন্বয় ক্ষেত্ৰতো সোমবাৰৰ দিনটোত ড৹ ভূপেন হাজৰিকাৰ কলাভূমি আদিত আনুষ্ঠানিকভাৱে পালন কৰা হয় ৰাভা দিৱস । তেজপুৰ সমাধিস্থলীত আয়োজন কৰা হয় কলাগুৰুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । অনুষ্ঠানত কলাগুৰু বিষ্ণু ৰাভাৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই(Tezpur MLA Prithiraj Rabha) বিষ্ণু ৰাভাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Death Anniversary of Kalaguru) ।

বিগত কিছুদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ দাঁতিত থকা সমন্বয় ক্ষেত্ৰখন সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে । ক্ষেত্ৰখনৰ সমগ্ৰ অঞ্চলৰ ভিতৰ চ'ৰা জলমগ্ন হোৱাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আয়োজন কৰা অনুষ্ঠানসমূহত অসুবিধা সৃষ্টি হয় যদিও প্ৰতিকূল বতৰকো নেওচি সকলো একত্ৰিত হৈ কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক : ভগৱানেই শেষ ভৰষা: শাকতোলা নৈ পাৰত হিন্দু-মুছলমানৰ প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.