ETV Bharat / state

ভগৱানেই শেষ ভৰষা: শাকতোলা নৈ পাৰত হিন্দু-মুছলমানৰ প্ৰাৰ্থনা

author img

By

Published : Jun 20, 2022, 9:55 AM IST

darrang-people-pray-to-god-for-relief-from-floods
ভগৱানেই শেষ ভৰষা: শাকতোলা নৈ পাৰত জলদেৱতালৈ হিন্দু মুছলমানৰ প্ৰাৰ্থনা

দৰঙত এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি(Flood in Darrang) । শাকতোলা নৈ পাৰত হিন্দু-মুছলমানে মিলি জলদেৱতাক কৰিলে প্ৰাৰ্থনা ৷

দৰং, 20 জুন : অপৰিৱৰ্তিত হৈয়েই আছে ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ বিগত কেবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত সম্প্ৰতি বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ( Flood in Assam) ধাৰণ কৰিছে ৷ উজনিৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও এতিয়া পানীৰ তলত (Flood report in Assam) বুৰ গৈছে ৷

হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ খাদ্য আৰু বাসস্থানৰ অভাৱৰ লগতে প্ৰাণৰ সংশয়েও দেখা দিছে বানাক্ৰান্তৰ মাজত ৷ সমান্তৰালকৈ জটিল ৰূপ ধাৰণ কৰিছে দৰঙৰ বান পৰিস্থিতিয়ে(Flood in Darrang) ।

এই বিভীষিকাময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ দৰঙৰ শাকতোলা নৈ পাৰত হিন্দু-মুছলমান একগোট হৈ কৰিলে প্ৰাৰ্থনা(Darrang People pray to God for relief from floods) ৷ হিন্দু-মুছলমান সকলো ওলাই আহি দোৱা-প্ৰাৰ্থনা কৰি এই বিপদৰ পৰা মুক্তিৰ কামনা কৰে ।

ভগৱানেই শেষ ভৰষা: শাকতোলা নৈ পাৰত জলদেৱতালৈ হিন্দু মুছলমানৰ প্ৰাৰ্থনা

আনহাতে, ছিপাঝাৰৰ শাকতোলা নদীৰ মথাউৰি ভঙাৰ ফলত প্ৰায় 20 খনৰো অধিক গাওঁ পানীৰ তলত বুৰ গৈ আছে । ফলত এতিয়া বানাক্ৰান্ত ৰাইজে দূৰ্ভোগ ভূগিবলগীয়া হৈছে । বানপানীৰ ভয়াৱহতাৰ মাজত বহুতো পৰিয়ালে লঘোনে-ভোকে অনিদ্ৰাত অত্যন্ত সংকটপূৰ্ণ দিন কটাবলগীয়া হৈছে ৷

ইফালে, জিলা প্ৰশাসনেও এতিয়ালৈকে ঢুকি পোৱা নাই বহু লোকক ৷ সেয়ে ঈশ্বৰেই যেন এতিয়া শেষ ভৰষা হৈ পৰিছে শাকতোলাৰ বানাক্ৰান্ত ৰাইজৰ বাবে ৷

লগতে পঢ়ক : বন্যাৰ্তৰ হাহাকাৰ : আশ্ৰয় শিবিৰত অনাহাৰে দিন কটাইছে উদিয়ানাবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.