ETV Bharat / state

বন্যাৰ্তৰ হাহাকাৰ : আশ্ৰয় শিবিৰত অনাহাৰে দিন কটাইছে উদিয়ানাবাসীয়ে

author img

By

Published : Jun 19, 2022, 4:54 PM IST

Updated : Jun 19, 2022, 5:30 PM IST

এবুকু পানীত বুৰ গৈছে ৰঙিয়াৰ উদিয়ানা (Flood in Assam 2022) । বানত আৱদ্ধ বহু পৰিয়াল ৷ চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰ অভিযান স্থগিত ৰখাৰ অভিযোগ ৰাইজৰ ৷

unchanged-flood-situation-in-rangia
unchanged-flood-situation-in-rangia

ৰঙিয়া, 19 জুন: ৰাজ্যজুৰি অব্যাহত আছে বানৰ বিভীষিকা(Flood in Assam 2022) ৷ উজনিৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও বুৰ গৈছে পানীত ৷ বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷ খাদ্য আৰু বাসস্থানৰ অভাৱৰ লগতে প্ৰাণৰ সংশয়েও দেখা দিছে বানাক্ৰান্তৰ মাজত ৷ আন ঠাইৰ সমান্তৰালকৈ জটিল ৰূপ ধাৰণ কৰিছে ৰঙিয়াত বান পৰিস্থিতিয়ে(Flood in Rangia) ।

এবুকু পানীত বুৰ গৈছে ৰঙিয়াৰ উদিয়ানা(Unchanged flood situation in Rangia) । বানত এতিয়াও আৱদ্ধ বহু পৰিয়াল(People stuck in Flood at Rangia) ৷ চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা বিগত ৫ দিনেই আৱদ্ধ লোকসকলৰ উদ্ধাৰ নকৰাৰ অভিযোগ ৰাইজৰ ৷ প্ৰাণৰ মমতাত বিচনাৰ ওপৰত বিচনা জোৰা দি জীৱন-মৃত্যুৰে সৈতে যুঁজিছে বহু বানাক্ৰান্তই । ইয়াৰে ভিতৰত একাংশই আশ্ৰয় লৈছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ।

বৰ্নাত্যৰ হাহাকাৰ: আশ্ৰয় শিবিৰত অনাহাৰে দিন কটাইছে উদিয়ানাবাসীয়ে

আশ্ৰয় শিবিৰত বাস কৰি থকা বানাক্ৰান্তৰ মাজত এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আশ্ৰয় শিবিৰৰ বাবে পৰ্যাপ্ত সাহায্য তথা শিশু খাদ্য লাভ নকৰাৰ অভিযোগ ৰাইজৰ ৷ বিগত কেইবাদিন ধৰি জলমগ্ন হৈ থকা অঞ্চলটোত এতিয়া হাজাৰ হাজাৰ লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

প্ৰলয়ংকাৰী বানত কেইবা সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ইতিমধ্যে বিনষ্ট হৈছে । পথৰ ওপৰেৰে পাৰ হৈ পানীৰ ধল । ৰঙিয়া নগৰৰ কেইটামান মূল পথত ইতিমধ্যে যাতায়ত বন্ধ ৰাখিছে প্ৰশাসনে । ওখ স্থান বিচাৰি বানাক্ৰান্ত ৰাইজৰ বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইফালে, চৰকাৰী কাৰ্যালয়, চিকিৎসালয়ত আদি ঠাই সমূহো সম্পূৰ্ণ পানীৰে ভৰি পৰিছে ৷

লগতে পঢ়ক : Assam floods: বানৰ কৱলৰ পৰা কমলপুৰবাসীক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা

Last Updated : Jun 19, 2022, 5:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.