ETV Bharat / state

ৰঙাপৰাত উদ্ধাৰ মৃতদেহ,কাগজত টিপ চহী লৈ অভিযুক্তৰ পলায়ন

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 12:50 PM IST

Body found in Sonitpur
শোণিতপুৰৰ ৰঙাপৰাত উদ্ধাৰ মৃতদেহ

শোণিতপুৰৰ ৰঙাপৰাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ মাটিৰ কাগজত বুঢ়া আঙুলিৰ ছাপ লোৱাক লৈ সৃষ্টি হৈছে ৰহস্য় ।

শোণিতপুৰৰ ৰঙাপৰাত উদ্ধাৰ মৃতদেহ

ৰঙাপৰা, ৯ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটো উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ ৰঙাপৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । এজন ব্যক্তিয়ে অতি কৌশলেৰে মৃত যুৱকজনৰ সোঁহাতৰ বুঢ়া আঙুলিৰ টিপ চহী লৈ পলায়ন কৰাৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে ।

উল্লেখ্য় যে ৰঙাপৰাৰ দৈনিক বজাৰৰ কাষতে থকা অজয় ওৰাং নামৰ লোকজনৰ মাটিখিনিৰ ওপৰত লোলুপ দৃষ্টি পৰে বিনোদ শ্বাহৰ । উত্থাপিত অভিযোগ মতে, ইতিমধ্য মৃত অজয় ওৰাঙৰ পিতৃৰ পৰা আধা কঠা মাটি দখল কৰিছে বিনোদ শ্বাহে । বাকী থকা মাটিখিনি বিনোদ শ্বাহে যুৱকজনক হত্যা কৰি কাগজত বুঢ়া আঙুলিৰ টিপ চহী লৈ পলায়ন কৰা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

ইফালে, এই ঘটনাটো সংঘটিত হোৱাৰ পিচত ঘটনাস্থলীত উপস্থিত হয় চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈ আৰু ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া তিলক চন্দ্ৰ তেৰং । বিনোদ শ্বাহে প্ৰথমে যুৱকজনৰ পৰা টিপ চহী সংগ্ৰহ কৰি মাটিখিনিৰ লোভত অতি কৌশলেৰে যুৱকজনক হত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

ইফালে, ৰাইজে জিলা প্ৰশাসনক ইয়াৰ এক উচিত তদন্ত কৰি বন্দনা ওৰাঙৰ মাটিত অবৈধভাৱে দখল কৰি বসবাস কৰি থকা বিনোদ শ্বাহক উচ্ছেদ কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে । আনহাতে, ৰঙাপৰা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে । স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:শান্তিপ্ৰিয় অসমৰ ৰাইজৰ স্বাৰ্থত পৰেশ বৰুৱাই শান্তি আলোচনাৰ বাবে আগুৱাই অহাটো উচিত : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.