ETV Bharat / state

শোণিতপুৰত দৈনিক বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jun 25, 2020, 7:21 AM IST

শোণিতপুৰ জিলাত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ তেজপুৰৰ ১৩ টা আবাসিক এলেকাত নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে ৷

শোণিতপুৰত দৈনিক বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা
শোণিতপুৰত দৈনিক বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

তেজপুৰ,২৪ জুন : গুৱাহাটীৰ পিছতে শোণিতপুৰ জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ। কুৱাৰেণ্টাইন কেন্দ্র সমূহৰ পিছত এইবাৰ আবাসিক এলেকাত বৃদ্ধি হৈছে কোভিড-১৯ৰ পজিটিভ ৰোগীৰ সংখ্যা । এই পৰ্যন্ত ১৯১জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা ।

শোণিতপুৰত দৈনিক বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা
আনহাতে শোণিতপুৰ জিলাত বৰ্তমানলৈকে ১৯১ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৪ জন ৰোগ মুক্ত হৈছে আৰু ১ জন লোক মৃত্যু মুখত পৰিছে । জিলা প্ৰশাসনে জনোৱা তথ্য অনুসৰি এই মুহূৰ্তত ১২৭ জন ৰোগী তেজপুৰ মেডিকেল কলেজ হাস্পতাল আৰু নতুনকৈ মুকলি কৰা তেজপুৰ পৰুৱাৰ ১০০ খন বিচনাৰ প্ৰসূতি চিকিৎসালয় কোভিড-১৯ হাস্পতাললৈ ৰূপান্তৰ কৰাৰ পিছত ইয়াতো চিকিৎসাধীন হৈ আছে বহু ৰোগী ।

উল্লেখযোগ্য যে নতুনকৈ তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ পেথলজি বিভাগৰ এগৰাকী চিকিৎসক ডঃ অমৃত শৰ্মাৰ কোভিড পজিটিভ ওলোৱাৰ পিছত শোণিতপুৰ জিলাৰ প্ৰাক্তন যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ অতুল চন্দ্ৰ শইকীয়াও আক্রান্ত হয় । ইয়াৰ পূৰ্বে ডঃ শইকীয়াৰ কন্যা যোৱা ১৮ জুনত ঘৰত আছুতীয়াকৈ থকাৰ পিছত আক্ৰান্ত কৰ'ণাত হৈছিল । আনহাতে ডঃ শইকীয়াৰ তেজপুৰ মহাভৈৰৱ এলেকাৰ ঘৰৰ চৌহদত ভাড়া থকা অংশুমান বৰঠাকুৰ (৩৯)আৰু ৰূপম শইকীয়া(৩০) কৰ'ণাত আক্রান্ত হয় । শোণিতপুৰ জিলাত ১৩ টা জ'নত জিলা প্ৰশাসনে নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰিছে।

লগতে চাওকঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য হ্ৰাসৰ পিচতো ভাৰতত পেট্ৰ'ল-ডিজেলৰ ব্যাপক মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.