ETV Bharat / state

এছ এছ বিৰ ৬৮ নং বাহিনীৰ পাছিং আউট পেৰেড সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 12:51 PM IST

SSB in Tezpur
তেজপুৰ এছ এছ বি পাছিং আউট পেৰেড

Passing Out Parade:তেজপুৰ ফ্ৰণ্টিয়াৰৰ অধীনত থকা ৬৮ নং বাহিনীৰ দেৱেন্দ্ৰ নগৰত ৪৪ সপ্তাহ ধৰি চলা তৃতীয়তো দলৰ বেচিক প্ৰশিক্ষণৰ পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে গুৱাহাটী ফ্ৰণ্টিয়াৰ মহাপৰিদৰ্শকে ।

তেজপুৰত এছ এছ বি পাছিং আউট পেৰেড

তেজপুৰ, ২৯ ডিচেম্বৰ: সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ অধীনত থকা ৬৮ নং বাহিনীৰ দেৱেন্দ্ৰ নগৰত ৪৪ সপ্তাহ ধৰি চলা তৃতীয়তো দলৰ বেচিক প্ৰশিক্ষণৰ পাছিং আউট পেৰেড অনুষ্ঠিত হয় । এই অনুষ্ঠানত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক ৰাজেন্দ্র কুমাৰ বুমলাই নতুন প্ৰশিক্ষাৰ্থীৰ অভিবাদন গ্ৰহণ কৰে । অভিবাদন অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত গুৱাহাটী ফ্ৰণ্টিয়াৰ মহাপৰিদৰ্শক গৰাকীয়ে কয় যে ৪৩৯ গৰাকী নতুন প্ৰশিক্ষণ লাভ কৰা জোৱানসকলক দেশৰ সীমান্তত আগন্তুক সময়ত নিয়োজিত হ'বলগীয়া দায়িত্বৰ বিষয়ে অৱগত কৰে ।

তেওঁ কয় যে এছ এছ বিৰ দায়িত্বত থকা ভাৰত-ভূটান, ভাৰত-নেপাল সীমান্ত উন্মুক্ত । ইয়াৰ বাবে সুৰক্ষাৰ ক্ষেত্ৰত সদায় সষ্টম হৈ থাকিব লাগিব । বহুতো অনৈতিক কাৰ্যকলাপ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ লগতে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় । এই অনুষ্ঠানটোত তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক বিনোদ নায়ক আৰু উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।

উল্লেখযোগ্য যে এছ এছ বিয়ে বৰ্তমান ভাৰত-ভূটান,ভাৰত-নেপাল সীমান্তৰ উপৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত সুৰক্ষাৰ দায়িত্বত আছে । ১৯৬২ চনৰ ভাৰত-চীন সংঘাতৰ পিছত ১৯৬৩ চনৰ ২০ ডিচেম্বৰত এছ এছ বি গঠন কৰা হয় । প্ৰথমে ইয়াক বিশেষ সেৱা ব্যুৰ' (এছ এছ বি) বুলি জনা গৈছিল আৰু পিছলৈ ২০০১ চনত ইয়াৰ নাম সশস্ত্ৰ সীমা বল ৰখা হয় ।

উল্লেখ্য় যে ভাৰত-চীন যুদ্ধৰ সন্ধিক্ষণত অসমৰ তেজপুৰ চহৰৰত জন্ম লাভ কৰা সশস্ত্ৰ সীমা বল এতিয়া ভাৰত-চীন, ভাৰত-ভূটান, ভাৰত-নেপালৰ অতন্দ্ৰ প্ৰহৰী হিচাবে মোতায়েন কৰা হৈছে । ভাৰত-ভূটান সীমান্তত এই বাহিনীৰ শেহতীয়াকৈ কেবাটাও সীমান্ত চকী কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা স্থাপন কৰা হৈছে ।

লগতে পঢ়ক:259th Convocation of SSB Soldiers : সীমান্তৱৰ্তী দুৰ্গম এলেকাত সশস্ত্ৰ সীমা বলৰ নুতুন সীমান্ত চকী নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.