ETV Bharat / state

মিছামাৰীত বেলশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিলে পকীপথ

author img

By

Published : Jun 20, 2022, 10:07 AM IST

মিছামাৰীত বেলশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিলে পকীপথ(Communication cut off as floods damage road) ৷ ফলত বিচ্ছিন্ন হৈ পৰিছে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা ৷ লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া, অভিযন্তাৰ চূড়ান্ত গাফিলতিৰ বাবেই ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে দূৰ্ভোগ ভোগাৰ অভিযোগ উত্থাপিত হৈছে ।

communication-cut-off-as-floods-damage-road
মিছামাৰীত বেলশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিলে পকীপথ: যোগাযোগ বিচ্ছিন্ন

ৰঙাপৰা, 20 জুন : শোণিতপুৰ জিলাৰ মিছামাৰীত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীত একমাত্ৰ পকীপথটি বাঢ়নী পানীয়ে(Flood in Rangapara of Sonitpur) খহাই নিয়াত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঢেকীয়াজুলি সংযোগী গুৰুত্বপূৰ্ণ পথচোৱা বৰবিল কছাৰী গাঁওখনত বেলশিৰি নৈৰ বাঢ়নী পানীয়ে পথটি ৩০০ মিটাৰ খহাই নিয়াত সম্প্ৰতি যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ(Communication cut off at Misamari) ৷

উক্ত পথছোৱাৰে দৈনিক কেইবাখনো গাঁৱৰ ৰাইজে মিছামাৰীৰ দৈনিক বজাৰ, বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰ, গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়, মিছামাৰী আৰক্ষী থানা, গৰুবন্ধা গাঁও পঞ্চায়ত আদিলৈ কেনেকৈ যাতায়ত কৰিব তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে, এই পথছোৱাৰ বাদে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে যাতায়তৰ অন্য কোনো বিকল্প নাই ।

মিছামাৰীত বেলশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিলে পকীপথ: যোগাযোগ বিচ্ছিন্ন

তাৰোপৰি উক্ত পথটিৰে কেইবাখনো গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে মিছমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মিছামাৰী মহাবিদ্যালয়কে ধৰি কেইবাখনো ব্যক্তিগত বিদ্যালয়লৈ অহা-যোৱা কৰি আছিল যদিও সেয়া বৰ্তমান বন্ধ হৈ পৰিছে ৷

ইফালে, মিছামাৰী মৌজাৰ প্ৰায় ৪০ৰ পৰা ৫০ খন গাঁৱৰ ৰাইজে উক্ত পথচোৱাৰে বেলশিৰি চাহ বাগিচাৰ(Belseri tea estate) মাজেৰে গড়মৰা চেণ্টাৰ হৈ ঢেকীয়াজুলি চহৰলৈ অহা-যোৱা কৰি আহিছিল । বেলশিৰি নৈৰ ওপৰেৰে পকী দলং নিৰ্মাণ হৈ থকাৰ সময়ত ব’ল্ডাৰেৰে বান্ধ নিৰ্মাণ কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বাৰম্বাৰ দাবী জনাই আহিছে যদিও লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া, অভিযন্তাৰ চূড়ান্ত গাফিলতিৰ বাবেই ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে দূৰ্ভোগ ভোগাৰ অভিযোগ ৰাইজৰ।

লগতে পঢ়ক : ৰঙিয়াত সন্ধানহীন দুই যুৱকক বিচাৰি অভিযানত নামিল ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.