ETV Bharat / state

Nameri National Park:চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ

author img

By

Published : Nov 18, 2021, 6:01 PM IST

Nameri National Park
চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ

ৰাজ্যত চোৰাং চিকাৰীৰ কাৰ্যকলাপ অব্যাহত থকাৰ মাজতে শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চিকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ ।

ৰঙাপৰা,১৮ নৱেম্বৰ : ৰাজ্যৰ বনাঞ্চলসমূহত চোৰাং চিকাৰীৰ (Poachers) কাৰ্যকলাপ অব্যাহত আছে । বনাঞ্চলৰ বন্যপ্ৰাণীসমূহ হত্যা কৰাৰ লগতে একাংশ প্ৰাণীক বহি:ৰাজ্যত বিক্ৰী কৰি আহিছে চোৰাং চিকাৰীসকলে । যাৰ বাবে প্ৰায়ে বনাঞ্চলসমূহত বন বিভাগে বিভিন্ন ধৰণৰ চোৰাং চিকাৰী বিৰোধী অভিযান চলোৱা দেখা যায় ।

শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানতো (Nameri National Park) অব্যাহত আছে চোৰাং চিকাৰীৰ কাৰ্যকলাপ । ইয়াৰ মাজতে বৃহস্পতিবাৰে উদ্যানখনত থকা চোৰাং চিকাৰী আৰু বনকৰ্মীৰ (Forest worker) মাজত তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । এই সংঘৰ্ষৰ পাছত চোৰাং চিকাৰীৰ দলটোৰ পৰা হস্ত নিৰ্মিত বন্দুকসহ (Hand made pistol) বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগ ।

চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ

তথ্য অনুসৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এটা চোৰাং চিকাৰীৰ দল প্ৰৱেশ কৰাৰ খবৰ লাভ কৰিছিল বন বিভাগে (Forest department) । এই খবৰৰ ভিত্তিতে ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত বনকৰ্মীৰ এটা দলে উদ্যানখনৰ বিজিনালা নামৰ এডোখৰ ঠাইত অভিযান আৰম্ভ কৰে । তেনে সময়তে বন বিভাগৰ দলটোৱে তিনিটাকৈ চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰে ।

বন বিভাগৰ দলটোক দেখাৰ লগে লগে চোৰাং চিকাৰীৰ দলটোৱে গুলীচালনা (Firing) আৰম্ভ কৰে । বন বিভাগেও চোৰাং চিকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে । কিন্তু ঘন জংঘলৰ সুযোগ লৈ চোৰাং চিকাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয় । অৱশ্যে চোৰাং চিকাৰীৰ দলটোৰ পৰা ২ টা হস্ত নিৰ্মিত বন্দুক, ১২ টা গুলীৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে বন বিভাগৰ দলটোৱে ।

লগতে পঢ়ক : CM in Majuli : ফেৰী দুৰ্ঘটনাত পতিতসকলৰ উদ্ধাৰকাৰী লৈ কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.