ETV Bharat / state

অৰুণাচল প্ৰদেশৰ অপহৃত মিৰাম তেৰানক ভাৰতীয় সেনাৰ হাতত অৰ্পণ

author img

By

Published : Jan 27, 2022, 2:16 PM IST

Updated : Jan 27, 2022, 2:27 PM IST

মিৰাম তেৰানক ভাৰতীয় সেনাৰ হাতত হস্তান্তৰ । গণৰাজ্য দিৱসৰ দিনা হটলাইন এক্সচেঞ্জ (Hotline exchanged between Indian Army and PLA) কৰা হৈছিল যুৱকজনৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে টুইটযোগে জানিবলৈ দিয়ে এই কথা ৷

Chinese PLA has handed over the young boy from Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ অপহৃত মিৰাম তেৰাংক ভাৰতীয় সেনাৰ হাতত অৰ্পণ

তেজপুৰ, 27 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ অপহৃত মিৰাম তেৰানক চীনা সৈন্যই ভাৰতীয় সেনাৰ হাতত হস্তান্তৰ কৰে । কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱে জানিবলৈ দিয়ে এই তথ্য । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে এক টুইট যোগে(Kiran Rijiju tweet on Arunachal boy missing case) জানিবলৈ দিয়ে এই কথা ৷

Chinese PLA has handed over the young boy from Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ অপহৃত মিৰাম তেৰাংক ভাৰতীয় সেনাৰ হাতত অৰ্পণ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে, গণৰাজ্য দিৱসৰ দিনা হটলাইন এক্সচেঞ্জ(Hotline exchanged between Indian Army and PLA) হোৱাৰ পিছত বৃহস্পতিবাৰে চীনা সৈন্যই ভাৰতীয় সেনাৰ হাতত চমজাই দিয়ে ৷ সম্প্ৰতি ভাৰতীয় সেনাৰ তৰফৰ পৰা মিৰাম তেৰানৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ।

লগতে পঢ়ক : Arunachal boy missing case: অপহৃত অৰুণাচলী যুৱকক ঘুৰাই দিব চীনা সৈন্যই

Last Updated :Jan 27, 2022, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.