ETV Bharat / state

Child marriage in Sootea: স্থানীয় লোকৰ তৎপৰতাত আধাতে সামৰণি পৰিল এখন বাল্য বিবাহ

author img

By

Published : Jan 26, 2023, 11:43 AM IST

ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্য বিবাহৰ প্ৰথা ৷ এইবাৰ বাল্য বিবাহৰ প্ৰস্তুতি চলাইছিল চতিয়াৰ ইটাখোলা বালিডোঙাৰ নাৰায়ণপুৰত ৷ কিন্তু আৰক্ষী, বিদ্যালয় কৰ্তৃপক্ষ, সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত বন্ধ হ’ল বাল্য বিবাহৰ প্ৰস্তুতি (Child marriage in Sootea) ।

child-marriage-prevented-through-the-efforts-of-the-locals-in-sootea
স্থানীয় ৰাইজৰ সহযোগত বন্ধ হ’ল বাল্য বিবাহৰ প্ৰস্তুতি

স্থানীয় ৰাইজৰ সহযোগত বন্ধ হ’ল বাল্য বিবাহৰ প্ৰস্তুতি

চতিয়া, ২৫ জানুৱাৰী: চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণপুৰ গাঁৱত বুধবাৰে উখল-মাখল পৰিৱেশ ৷ কাৰণ গাঁওখনৰ এঘৰত আছিল কইনাক আঙুঠি পিন্ধোৱাৰ পৰ্ব ৷ আঙুঠি পিন্ধোৱা পৰ্বটো হৈছে অসমীয়া পৰম্পৰাগত বিবাহ অনুষ্ঠানৰ সৈতে জড়িত এক মাংগলিক কাৰ্য । বিবাহৰ বাবে উপযুক্ত ল’ৰালৈ উপযুক্ত কন্যা এগৰাকী ঠিক কৰাৰ পিছত দৰা পক্ষৰ মানুহ কন্যাঘৰলৈ গৈ আঙুঠি পিন্ধোৱা এই পৰ্ব সমাপন কৰে ৷ সেইয়া এক কৰিচিতি বিধি ৷

বুধবাৰে তেনে এক আঙুঠি পিন্ধোৱা পৰ্বই আছিল গাঁওখনৰ এঘৰত ৷ বিবাহ ঠিক হোৱাৰ পিছত আঙুঠি পিন্ধাবলৈ আহিছিল ল’ৰাৰ পৰিয়াল ৷ কইনা ঘৰত সকলো নীতি-নিয়ম অনুসৰি চলি আছিল আঙুঠি পিন্ধোৱাৰ প্ৰস্তুতি ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু দৰা ঘৰৰ মানুহে আঙুঠি পিন্ধাবলৈ লওঁতেই লাগিল কেনা ৷ কইনাৰ ঘৰত উপস্থিত হয় এটা দল ৷ তাৰ পিছতেই বন্ধ হৈ পৰে আঙুঠি পিন্ধোৱা পৰ্ব (Child marriage prevented through efforts of locals) ৷ কিন্তু কোন আহিছিল কইনাঘৰলৈ ? সেয়া কম এই প্ৰতিবেদনত ৷

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, বিয়া দিবলৈ সাজু কৰা কন্যাগৰাকীৰ বয়স আছিল মাত্ৰ 14 বছৰ ৷ 14 বছৰ বয়সতে বিয়া দিবলৈ পৰিয়ালৰ লোকে সকলো প্ৰস্তুতি সম্পন্ন কৰিছিল ৷ কিন্তু আইনে জানো মানি ল’ব এই বিবাহ ৷ সেয়াহে এই বাল্য বিবাহ বন্ধ কৰিবলৈ কন্যা ঘৰত উপস্থিত হয় ইটাখোলা আৰক্ষী আৰু স্থানীয় ৰাইজ ৷ আৰক্ষী উপস্থিত হোৱাৰ লগতে কন্যাঘৰত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

উল্লেখ্য যে নাৰায়নপুৰ গাঁৱৰ আজিজুল হক আৰু মৰজান বিবিৰ কন্যাৰ বিবাহ ঠিক হৈছিল ওচৰৰে এখন গাঁৱৰ এজন যুৱকৰ লগত ৷ কিন্তু ছোৱালীৰ বয়স আছিল মাত্ৰ 14 বছৰ আৰু জানিব পৰা মতে ল’ৰাও আছিল নাবালক ৷ বালিডোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল কন্যা আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল দৰাজন ৷ দুয়োৰে বিবাহ ঠিক হোৱাৰ এই খবৰ লাভ কৰিছিল বালিডোঙা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলে ৷ তাৰ পিছতেই কন্যা ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ খবৰ দিয়ে আৰক্ষীক (Child marriage in Sootea) ৷

খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু তৎক্ষণাত বন্ধ কৰে আঙুঠি পিন্ধোৱাৰ পৰ্বটো ৷ ইফালে কইনাৰ মাতৃয়ে নসাৎ কৰে সকলো অভিযোগ ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ছোৱালীৰ মাতৃয়ে ক’লে, " বিয়া নিদিও ছোৱালীক ৷ কেৱল আঙুঠিটোহে পিন্ধোৱা হ’ল হয় ৷ তাৰ পিছত ওঠৰ বছৰৰ পিছত বিয়া দিলো হয় ৷ যিহেতু আপোনালোকে বাধা দিছে গতিকে দ্বিতীয়বাৰ এইটো ভূল নকৰো ৷"

উল্লেখ্য যে বাল্য বিবাহ আইনমতে দণ্ডনীয় যদিও ৰাজ্যত এতিয়াও অব্যাহত বাল্য বিবাহৰ প্ৰচলন ৷ বাল্য বিবাহ হৈছে এগৰাকী নাবালিকা অৰ্থাৎ ১৮ বছৰ তলৰ এগৰাকী ছোৱালীক এজন প্ৰাপ্তবয়স্ক পুৰুষলৈ বিয়া দিয়া । আইনগতভাৱে এজন ল'ৰাৰ বিবাহৰ বয়স ২১ বছৰ আৰু এজনী ছোৱালীৰ ১৮ বছৰ । এই বয়সৰ তলত বিবাহপাশত আৱদ্ধ হ'লে তেনে বিবাহক অবৈধ বুলি গন্য কৰা হয় (Prohibition of Child Marriage) ।

লগতে পঢ়ক: Police SI detained: প্ৰাক্তন প্ৰেয়সীৰে মাৰপিট কৰি আটক এছ আই পৰাগ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.