ETV Bharat / state

Cattle smuggling in Assam: চাৰিদুৱাৰত গৰুভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Feb 25, 2022, 7:40 PM IST

গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চাৰিদুৱাৰ আৰক্ষীৰ অভিযান । অভিযানত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ (Cattle loaded truck seized at Sariduar)। ঘটনা সন্দৰ্ভত ট্ৰাকৰ চালকক আটক ।

Cattle smuggling in Assam
চাৰিদুৱাৰত গৰুভৰ্তি ট্ৰাক জব্দ

ৰঙাপৰা,২৫ ফেব্ৰুৱাৰী : ৰাজ্যত সক্ৰিয় হৈ আছে গৰু চিণ্ডিকেট চক্ৰ । গৰু চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰো অভিযান অব্যাহত আছে । ইয়াৰ মাজতে শোণিতপুৰ জিলাত জব্দ ২৬ টাকৈ চোৰাং গৰু । চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি এখন ট্ৰাক (Cattle loaded truck seized at Sariduar)।

চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কলিয়াভোমোৰা দলঙত জব্দ কৰে গৰু ভৰ্তি ট্ৰাকখন । জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS-23-BC-6186 । আৰক্ষীয়ে জনোৱা মতে গৰু কেইটা অৰুণাচল প্ৰদেশৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল ।

Cattle smuggling in Assam: চাৰিদুৱাৰত গৰুভৰ্তি ট্ৰাক জব্দ

গৰুভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালককো আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে জনোৱা মতে কেইবাটাও স্থানত ট্ৰাকখন ৰখোৱাৰ বাবে সংকেত দিছিল যদিও চালকে ট্ৰাকখন ৰখোৱা নাছিল । অৱশেষত কলিয়াভোমোৰা দলঙত আৰক্ষীয়ে ট্ৰাকখন ৰখাবলৈ সক্ষম হয় । ইতিমধ্যে আটকাধীন চালকজনক জেৰা অব্যাহত ৰাখিছে চাৰিদুৱাৰ আৰক্ষীয়ে ।

Cattle smuggling in Assam
ট্ৰাক চালকক আটক

লগতে পঢ়ক :দুচকীয়া বাহনসহ মঙলদৈ আৰক্ষীৰ জালত 4টা ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.