ETV Bharat / state

Krishna Janmashtami 2023: জামুগুৰিহাটত জন্মাষ্টমী আৰু বোকাখেচা ভাওনা উদযাপন

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 7:23 PM IST

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাঁৱত দুদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা ৷ উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ।

Boka Khesa Bhauna Organised in Jamugurihat
জামুগুৰিহাটত জন্মাষ্টমী আৰু বোকাখেচা ভাওনা উদযাপন

জামুগুৰিহাটত জন্মাষ্টমী আৰু বোকাখেচা ভাওনা উদযাপন

জামুগুৰিহাট,৮ ছেপ্টেম্বৰ: মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ নামধৰ্ম সমাজ পাতলৰচুক শাখাৰ উদ্যোগত আৰু পাতলৰচুক গাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এই ভাওনাৰ বুধবাৰে পূৱা প্ৰাতঃপ্ৰসঙ্গ আৰু দুপৰীয়া নামপ্ৰসংগৰ আয়োজন কৰা হয় ৷ এই উদ্দেশ্যৰে পাতলৰচুক গাঁওলৈ পূৱাৰেপৰা ভক্তৰ লানি নিছিগা সোঁত ৷ অঞ্চলটোৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ শ, শ লোকে আহি ভিৰ কৰেহি নামঘৰ প্ৰাঙ্গণ ৷

ভক্তপ্ৰাণ ৰাইজে শৰাই ,শলিতা, নৈবদ্য আগবঢ়াই বৈকুণ্ঠপুৰি কৰি তোলে পাতলৰচুক নামঘৰ ৷ ৰাইজৰ বিশ্বাস এই নিৰ্দ্দিষ্ট দিনটোত শৰাই শলিতা আগবঢ়ালে মনোবাঞ্চা পুৰণ হয় ৷ সন্ধ্যা হেজাৰ, হেজাৰ চাকি বন্তিৰ পোহৰৰে আলোকিত কৰি তোলে সমগ্ৰ নামঘৰ চৌহদ ৷ ভক্তপ্ৰাণ ৰাইজৰে মিলি নামঘৰত বন্তি প্ৰজ্বলন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

বন্তি প্ৰজ্বলন কৰি ৰাইজৰ আৰ্শীবাদ গ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই ৰাইজক উদ্দেশ্যি কয়-অসমীয়া সমাজখনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ সৃষ্টিৰাজি আমি যুগমীয়া কৰি ৰাখিব লাগিব ৷ ভাওনা সংস্কৃতিয়ে অসমীয়া সমাজখনক শক্তিশালী কৰি ৰাখিছে ৷ নিশা ভাওনা অনুষ্ঠিত হোৱাৰ পাচত আজি বিয়লি গাঁওবাসী ৰাইজে অনুষ্ঠিত কৰে বোকাখেচা ভাওনা ৷

কৃষ্ণৰ জন্মৰ পাচত নন্দৰ ঘৰলৈ প্ৰজাসকলে কৃষ্ণক দৰ্শন কৰিবলৈ বুলি যাত্ৰা কৰে ৷ এই যাত্ৰাই প্ৰতীকী ৰূপত ৰাইজে অনুষ্ঠিত কৰে বোকাখেচা ভাওনা ৷ এই ভাওনাৰ বোকা লবলৈ হেতা ওপৰা লাগে ভক্তপ্ৰাণ ৰাইজৰ ৷ ৰাইজৰ বিশ্বাস এই বোকা তথা পংক শিৰত ললে মনৰ কামনা পুৰণ হয়, নিঃসন্তানে লাভ কৰে সন্তান ৷

সেয়ে পৰিয়ালৰ প্ৰতিজন সদস্যলৈ সযতনে বান্ধি লৈ যায় এই বোকা ৷ পাতলৰচুক গাঁওবাসীয়ে দুটাদিন উপবাসে থাকি অনুষ্ঠিত কৰে এই ভাওনা ৷ এই ভাওনা অনুষ্ঠিত নকৰিলে নানা অপায়-অমংগলে দেখা দিয়ে বুলি ৰাইজৰ মাজত এক জনশ্ৰুতি আছে ৷ গাঁওখনৰ দুই মুৰত থকা দুজোপা আহঁত গছত যমডাকিনী চৰাইয়ে চিঁয়ৰে বুলিও ৰাইজে বিশ্বাস বিশ্বাস কৰে ৷

লগতে পঢ়ক: Gaurav Gogoi: বিজেপিত সকলোৱে ধন-সম্পত্তি বঢ়াবলৈ যোগদান কৰিছে; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.