ETV Bharat / state

Landslide in Arunachal: ভূমিস্খলনৰ ফলত বন্ধ হ’ল ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ

author img

By

Published : Oct 11, 2022, 6:52 PM IST

bhalokpung chardwar tawang closed due to landslide
Landslide in Arunachal

অৰুণাচল প্ৰদেশৰ টিপ্পিত অব্যাহত ভূমিস্খলন (Landslide at Tippi) । ভূমিস্খলনৰ ফলত বিধ্বস্ত বহুকেইটা পথ (Landslide in Arunachal Pradesh) । ভূমিস্খলনত নষ্ট হোৱা পথ মেৰামতিৰ বাবে পশ্চিম কামেং জিলাৰ প্ৰশাসনে বন্ধ ঘোষণা কৰিলে ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথেৰে যান-বাহনৰ চলাচল ।

তেজপুৰ, ১১ অক্টোবৰ : পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথ মঙলবাৰৰ পৰা বন্ধ ঘোষণা কৰিছে পশ্চিম কামেং জিলাৰ প্ৰশাসনে (Landslide at Tippi) । এক জৰুৰী নিৰ্দেশনা যোগে জিলা প্ৰশাসনে উক্ত পথৰে টাৱাং-বমডিলা-ডিৰাঙলৈ যাবলগীয়া সকলো যান বাহনৰ ওপৰত নিষেধজ্ঞা জাৰি কৰিছে (Road closed for landslide) । তাৰ বিপৰীতে ওৰাং-কালকটাং-চেৰগাঁও-ৰূপা পথেৰে টাৱাং-বমডিলা-ডিৰাঙলৈ অহা যোৱা কৰাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ।

পশ্চিম কামেং জিলাৰ প্ৰশাসনে উল্লেখ কৰা অনুসৰি নিশাৰ ভাগত ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথ যাতায়তৰ বাবে সুৰক্ষিত নহয় । অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টিপ্পি জলপ্ৰপাত এলেকাত ২৪ ছেপ্টেম্বৰ বিয়লি ৪ বজাত হোৱা ভয়ানক ভূমিস্খলনত কেবাখনো যান বাহনৰ ক্ষতিগ্ৰস্ত হয় (Natural disaster in North east) । ৪ খন গাড়ী কামেং নদীত উটি ভাঁহি গৈছিল (Landslide in Arunachal Pradesh) ।

Landslide in Arunachal
ভূমিস্খলনৰ ফলত বন্ধ হ’ল ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ

পশ্চিম কামেং জিলাৰ অন্তৰ্গত ভালুকপুং টিপ্পিৰ জলপ্ৰপাতৰ কাষতে সংঘটিত এই ভূমিস্খলনৰ বাবে বৰ্তমান ব’ৰ্ডাৰ ৰোডছ অৰ্গেনাইছেনৰ দ্বাৰা পুনৰ নিৰ্মাণৰ কাম হৈ আছে ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথত (Road closed in Tippi for landslide) । অত্যাধিক বৰষুণ এই ভূমিস্খলনৰ আন এক কাৰণ বুলি উল্লেখ কৰিছে পশ্চিম কামেং জিলাৰ প্ৰশাসনে । আনহাতে অহৰহ সংঘটিত হৈ থকা ভূমিস্খলনৰ বাবে বালিপাৰা-চাৰদুৱাৰ-টাৱাং (BCT) পথ ব্যৱহাৰ কৰা যাত্ৰীসকলক ওৰাং-কালকটাং-শ্বেৰগাঁও-ৰূপা-টাৱাং (OKSRT) পথৰে যাবলৈ পৰামৰ্শ প্ৰদান কৰে । আজি বিয়লিৰ পৰা কাৰ্যকৰী হয় এই ডাইভাৰচন ।

যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা সংঘটিত হৈ আহিছে এই ভূমিস্খলনৰ ঘটনা । অত্যাধিক বৰষুণৰ ফলত টিপ্পি জলপ্ৰপাত সমীপত ২৪ ছেপ্টেম্বৰৰ বিয়লি ৪ বজাত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল । যাৰ ফলত কেইবাখনো যান বাহনৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কামেং নদীত উটি গৈছিল কেইবাখনো বাহন । ভূমিস্খলন হোৱা এলেকাৰ পৰা ১০ কিলোমিটাৰ দূৰত এখন মাৰুতি চুজুকি, অল্ট’ গাড়ী, এখন বলেৰ’ পিকআপ আৰু এখন খালী তেল টেংকাৰ উটুৱাই নিয়াৰ কথা পশ্চিম কামেঙৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছিল ।

এই ভূমিস্খলনৰ বাবে বন্ধ কৰি ৰখা হৈছিল আছে ভালুকপুং-চাৰিদুৱাৰ-টাৱাং সংযোগী পথ । পৰৱৰ্তী সময়ত খুলি দিয়া হৈছিল যদিও মঙলবাৰে পুনৰ পথচোৱা বন্ধ ঘোষণা কৰে পশ্চিম কামেং জিলাৰ প্ৰশাসনে ।

লগতে পঢ়ক:Abinaswar Gosthi foundation day: অবিনশ্বৰ নাট্য গোষ্ঠীৰ 32 তম প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.