ETV Bharat / state

Tezpur Expo 2023: থলুৱা উদ্যোগীক উৎসাহ দিয়াৰ বাবে তেজপুৰত আৰম্ভ বাণিজ্য মেলা

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:06 PM IST

Tezpur Expo 2023
থলুৱা ব্যৱসায়ীক উৎসাহ দিয়াৰ বাবে তেজপুৰত আজিৰ পৰা বাণিজ্য মেলা

আজিৰে পৰা শোণিতপুৰ জিলাৰ তেজপুৰত আৰম্ভ হৈছে বাণিজ্য মেলা ৷ অসম চৰকাৰৰ উদ্যোগত, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে অনুষ্ঠিত কৰিছে বাণিজ্য মেলা ৷ শনিবাৰে বাণিজ্য মেলা উদ্বোধন কৰে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা আৰু উপাধ্যক্ষ মধুৰাম ডেকাই ।

থলুৱা ব্যৱসায়ীক উৎসাহ দিয়াৰ বাবে তেজপুৰত আজিৰ পৰা বাণিজ্য মেলা

তেজপুৰ, 28 অক্টোবৰ : অসমৰ থলুৱা উদ্যোগীসকলক এখন উপযুক্ত বজাৰ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত শোণিতপুৰ জিলা তেজপুৰ চহৰৰ চাৰ্চ ফিল্ডত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে বাণিজ্য মেলা । আজিৰে পৰা তেজপুৰত 11 দিনীয়াকৈ আৰম্ভ হৈছে বাণিজ্য মেলা ৷ 10 নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া বাণিজ্য মেলাৰ শনিবাৰে শুভাৰম্ভ কৰে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা আৰু উপাধ্যক্ষ মধুৰাম ডেকাই ।

শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাৰ থলুৱা উদ্যোগীসকলক ব্যৱসায় ক্ষেত্ৰত উৎসাহ আৰু ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত যাতে অধিক লাভান্বিত হয় তাৰ উদ্দেশ্য আয়োজন কৰা হৈছে এই বাণিজ্য মেলা ৷ উক্ত মেলাত দেশ-বিদেশৰ মুঠ 100 খনৰো অধিক বাণিজ্য বিপণিয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

ইফালে অধ্যক্ষ ডেকাই শুভ উদ্বোধন কৰা পিচতে এখনি সংবাদমেল সম্বোধন কৰে ৷ শোণিতপুৰ বাণিজ্য মেলাত ৰাজ্যখনৰ 100 খনৰো অধিক আৰু দেশৰ বিভিন্ন ৰাজ্যৰ 30 খনৰো অধিক বিপণিয়ে অংশগ্ৰহণ কৰিছে ৷ এই কথা জানিবলৈ দিয়ে অধ্যক্ষ ডেকাই ৷ তেওঁ লগতে কয় যে, যাতে বাণিজ্যৰ জৰিয়তে বিশেষকৈ সঞ্চয় আৰু গোটৰ মহিলাৰ লগতে স্থানীয় থলুৱা সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়সকলে এই মেলাৰ জৰিয়তে উপকৃত হ’ব ৷

উক্ত বাণিজ্য মেলাত জিলা ভিত্তিত মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠান আয়োজন কৰাৰ হ’ব বুলি উল্লেখ কৰে অধ্যক্ষ ডেকাই ৷ দেশ-বিদেশৰ বিপণিয়ে অংশ লোৱা বাণিজ্য মেলাত ৰাইজৰ ব্যাপক সঁহাৰিৰ বাবে আহ্বান জনায় বিভাগীয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:Lifetime imprisonment : বন্ধুহন্তা সুনীলক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.