ETV Bharat / state

Lifetime imprisonment : বন্ধুহন্তা সুনীলক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 1:20 PM IST

Updated : Oct 27, 2023, 2:27 PM IST

তেজপুৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ নিশান্ত গোস্বামীৰ আদালতে (convicted till dead) যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে সনিৰাম মাদ্রি ওৰফে সুনীলক । ২০২২ চনত মাত্ৰ ৫০ টকাৰ বাবে লগৰ এজনক ঘপিয়াই হত্যা কৰিছিল মাদ্রিয়ে ৷

Lifetime imprisonment
বন্ধুহন্তা সুনীলক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান

বন্ধুহন্তা সুনীলক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান

তেজপুৰ, 27 অক্টোবৰ : যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ’ল সনিৰাম মাদ্রি ওৰফে সুনীল ৷ শুকুৰবাৰে তেজপুৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ নিশান্ত গোস্বামীৰ আদালতে (convicted till dead) যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে সনিৰাম মাদ্রি ওৰফে সুনীলক । 2022 চনত মাত্ৰ 50 টকাৰ বাবে লগৰ এজনক ঘপিয়াই হত্যা কৰিছিল মাদ্রিয়ে ৷ সেই গোচৰৰ আধাৰতে শুকুৰবাৰে অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে গোচৰ নং 01/23 আৰু ৰঙাপাৰ থানাৰ গোচৰ নং 111/22 অধীনত এই ৰায় প্ৰদান কৰে ।

ঘটনাৰ বিৱৰণী অনুসৰি, শোণিতপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ৰঙাপৰা থানাৰ অন্তৰ্গত দয়ালপুৰত 2022 চনৰ 15 আগষ্টত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো । অঞ্চলটোত উক্ত দিনটোত ফুটবল খেল অনুষ্ঠিত হৈছিল আৰু খেলত এটা ছাগলী জিকিছিল । ছাগলীটো কটাৰ বাবে দয়ালপুৰ গাঁৱৰ নিৱাসী সনিৰাম মাদ্ৰীয়ে (25) একেখন গাঁৱৰে নিৱাসী ব্ৰইলৰ হেমৰম (55) নামৰ লোকজনক লগ ধৰে ।

ইফালে দিনৰ ভাগত ব্ৰইলৰ হেমৰম নামৰ বৃদ্ধজনে সনিৰাম মাদ্ৰীক পঞ্চাশ টকা বিচাৰিছিল, সেই সময়তে সনিৰামে খঙত অগ্নিশৰ্মা হৈ ছাগলী কটাৰ বাবে লৈ অনা দাখনেৰে ব্ৰইলৰ হেমৰমৰ ডিঙি দুচেও কৰি দেহতো চোতালতে পেলাই থৈ হাতত কটা মূৰটো লৈ নিশা 1.30 বজাত 25 কিঃমিঃ দূৰ বাট খোজকাঢ়ি আহি ৰঙাপাৰ থানাত হাজিৰ হয় ।

তাৰ পিচতে এই ঘটনাৰ তদন্ত আব্যাহত আছিল ৷ আজি তেজপুৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ নিশান্ত গোস্বামীৰ আদালতে 10 মাহৰ ভিতৰত এই ঐতিহাসিক ৰায়দান দিয়ে । হত্যাকাৰী সনিৰাম মাদ্ৰীক যাৱজ্জীৱন কাৰদণ্ডৰে দণ্ডিত কৰাৰ লগতে 5000 হাজাৰ টকাৰ জৰিমনা বিহে । আনহাতে, যদি জৰিমনা প্ৰদান নকৰে অতিৰিক্ত 6 মাহৰ কাৰদণ্ডৰ নিৰ্দেশ জাৰি কৰে ।

লগতে আদালতে শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকাৰীক অনুৰোধ জনায় যে মৃতকৰ পত্নী দলি সুৰেঙক তাৎক্ষণিকভাৱে এককালীন সাহায্য প্ৰদান কৰে ৷ এই গোচৰত চৰকাৰী পক্ষৰ হৈ অধিবক্তা ৰঞ্জনা চক্ৰৱৰ্তী আৰু দোষীৰ পক্ষৰ হৈ জয়দীপ দেৱে উকালতি কৰে ।

লগতে পঢ়ক: Danger in Dhemaji NHPC : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তীব্ৰবেগী পানীয়ে মাতিছে ভয়ংকৰ বিপদ

Last Updated : Oct 27, 2023, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.