ETV Bharat / state

Protest against SEBA : ৰাজ্যজুৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পুত্তলিকা দাহ কৰিলে আছুৱে

author img

By

Published : Mar 13, 2023, 9:59 PM IST

Protest against SEBA
ছেবাৰ বিৰুদ্ধে আছুৰ গৰ্জন

ছেবাৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছে ৰাজ্যবাসী ৷ দেওবাৰে বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাচতে বাতিল কৰা হৈছে ১৩ তাৰিখৰ পৰীক্ষা (HSLC general science question paper leak) ৷ ছেবাৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে ৰাজ্যৰ জনগণ ৷ সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু দল-সংগঠনে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (HSLC general science question paper leak) ৷

ছেবাৰ বিৰুদ্ধে আছুৰ গৰ্জন

নিউজ ডেস্ক, ১৩ মাৰ্চ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা বাবে ইতিমধ্যে বাতিল কৰা হৈছে ১৩ তাৰিখৰ পৰীক্ষা । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত পৰীক্ষাৰ আগতেই ফাদিল হোৱা তথা পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা বিষয়টোৱে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ যাৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ ওলাই আহিছে বহু দল-সংগঠন (Protest against SEBA) ৷

সোমবাৰে ৰঙিয়াতো আছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (AASU Protest against SEBA)। সোমবাৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ ৰাজপথত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰাৰ লগতে ৰণোজ পেগু হায় হায় আদি ধ্বনি দি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ আছুৱে লগতে নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীগৰাকীৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ শীঘ্ৰে পদত্যাগৰ দাবী জনায় ৷

Protest against SEBA
ছেবাৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছে ৰাজ্যবাসী

আনকি ভৱিষ্যতে মেট্ৰিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত যাতে খেলিমেলি নহয়, তাৰ বাবেও চৰকাৰক সকিয়ানী প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । অসমীয়া জাতীয় অনুষ্ঠান ছেবাক ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰি ভৱিষ্যতে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি নকৰিবলৈ এক প্ৰকাৰে সকিয়াই দিয়ে ৰঙিয়া আছুৱে । এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজে ছেবাৰ পৰা বিশ্বাস হেৰুৱাই পেলাব বুলিও আশংকা প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে (HSLC general science question paper leak) ।

উল্লেখ্য যে, দেওবাৰে নিশা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল বিজ্ঞানৰ প্ৰশ্নকাকত ৷ ইয়াৰ পিচতে ছেবাই সোমবাৰে মাজনিশা পৰীক্ষা বাতিল কৰে । কিন্তু এই কথা গম পোৱা নাছিল ৰাজ্যৰ বহু শিক্ষাৰ্থীয়ে ৷ যাৰ ফলত সোমবাৰে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ আহি উভতি যাব লগীয়া হয় । বাৰে বাৰে প্ৰশ্নকাকত ফাদিলক লৈ বৰ্তমান সমগ্ৰ অসম সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে (Protest against question paper leak)।

আনহাতে, সোমবাৰে নলবাৰীতো জিলা সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয় । নলবাৰী জিলা ছাত্ৰ সন্থাই ৰাজপথত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা অসম চৰকাৰ, শিক্ষামন্ত্ৰী, শিক্ষা বিভাগ আৰু ছেবাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে নলবাৰী জিলা ছাত্ৰ সন্থাই ।

Protest against SEBA
ছেবাৰ বিৰুদ্ধে আছুৰ গৰ্জন

ইফালে ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ তেজপুৰ, শোণিতপুৰ আৰু আমগুৰিতো হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত বাৰে বাৰে বিফল হোৱা শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পুত্তলিকা দাহ কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against HSLC question paper leak All over Assam) ।

উল্লেখযোগ্য যে, বিগত ৬ মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম পৰীক্ষা ইংৰাজীৰ প্ৰশ্ন কাকত ফাদিল হৈছিল ৷ কিন্তু সেয়া শিক্ষা বিভাগে গুৰুত্ব প্ৰদান নকৰিলে ৷ তাৰ পিচত গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছিল ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক তদন্তৰ ঘোষণাও কৰিছিল ৷ কিন্তু ইমানৰ পিচতো শিক্ষা বিভাগে কোনো সতৰ্কতা অৱলম্বন কৰাহে পৰিলক্ষিত নহ’ল ৷

ফলস্বৰূপে দেওবাৰে বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাচতে ছেবাই এক জাননী জাৰি কৰি মাজনিশা বাতিল কৰে সোমবাৰে অনুষ্ঠিত হ’ব লগীয়া বিজ্ঞানৰ পৰীক্ষা ৷ ইপিনে, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱেও এক টুইটযোগে পৰীক্ষা বাতিলৰ বাতৰিটো নিশ্চিত কৰে ।

লগতে পঢ়ক : Protest against SEBA : বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা; ৰাজ্যত জ্বলিছে শিক্ষামন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.