Protest against SEBA : বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা; ৰাজ্যত জ্বলিছে শিক্ষামন্ত্ৰীৰ পুত্তলিকা

author img

By

Published : Mar 13, 2023, 4:20 PM IST

Updated : Mar 13, 2023, 5:14 PM IST

Protest against HSLC question paper leak All over Assam

ৰাজ্যৰ ভিন্ন প্ৰান্তত জ্বলিছে শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পুত্তলিকা ৷ কিয়নো সোমবাৰে মেট্ৰিকৰ অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত দেওবাৰেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল (HSLC general science question paper leak) ৷ তাৰ পাচতেই দেওবাৰে মাজ নিশা এই পৰীক্ষা বাতিল কৰা বুলি ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে । ইফালে ছেবা আৰু শিক্ষা বিভাগে মিলি অসমীয়া শিক্ষা মাধ্যমটোক ধ্বংস কৰিব বিচৰা বুলি গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে (Protest against HSLC question paper leak All over Assam) ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত জ্বলিছে শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পুত্তলিকা

নিউজ ডেস্ক, ১৩ মাৰ্চ : ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা অসম শিক্ষা মাধ্যমিক শিক্ষা পৰিষদ তথা ছেবাৰ বিৰুদ্ধে এইবাৰ জ্বলিছে ৰাজ্য ৷ বছৰত এটাও পৰীক্ষা ছেবাই সুকলমে অনুষ্ঠিত কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ একাংশ ৰাজ্যবাসীৰ (SEBA exam paper controversy) ৷ ছেবাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ বিৰুদ্ধে ক্ষুব্ধ এতিয়া ৰাজ্যৰ জনগণ (HSLC general science question paper leak)৷

সোমবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদত উত্তাল হ’ল তিনিচুকীয়া জিলা ৷ আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’ব লগা সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ বিৰুদ্ধে তিনিচুকীয়া পৌৰসভাৰ সমীপৰ পৰা তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক সদস্যই সমদল বাহিৰ কৰি থানা চাৰিআলিত সাব্যস্ত কৰে প্ৰতিবাদ (Protest against question paper leak in Tinsukia) ৷

ইফালে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে অসম মাধ্যমিক শিক্ষা পৰিষদ তথা চেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীসকলে ৷ তিনিচুকীয়াত প্ৰতিবাদকাৰীসকলে ৰণোজ পেগু হায় হায়, শিক্ষা বিভাগ মুৰ্দাবাদ, ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলা ছেবা হায় হায়, মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱৰা চেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে পদত্যাগ কৰক, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পদত্যাগ কৰক, বিজেপি হায় হায়, ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি নেখেলিব আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

Protest against HSLC question paper leak All over Assam
শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ

মেট্ৰিকৰ দৰে এটা ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাও সুকলমে পাতিব নোৱৰাত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহায়ে কয়, ‘‘আজি অনুষ্ঠিত হ’ব লগা মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ লগতে পৰীক্ষা বাতিল কৰিব লগা হোৱাত বিপদত পৰিছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল ৷

বছৰটোত ছেবাই দুটাই পৰীক্ষা অনুষ্ঠিত কৰে ৷ তাকো সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে বাৰে বাৰে হেতালি খেলে এই বিভাগটোৱে ৷ গতিকে অতি সোনকালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক’’ ৷

লগতে পঢ়ক : HSLC Exam 2023: বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি বিৰোধীৰ প্ৰতিক্ৰিয়া

ইয়াৰে সমান্তৰালকৈ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্য বৰগোহাঁই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পুতলা মন্ত্ৰী আখ্যা দি কয়, ‘‘শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি অতি সোনকালে পদত্যাগ কৰক ৷ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি বিহিত ব্যৱস্থা ল’ব লাগে ৷

অতি সোনকালে প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ লগতে উক্ত চক্ৰটোৰ সৈতে জড়িত সকলোকে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক । অন্যথা অনাগত দিনত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে পুনৰ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব’’ ৷

মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল আৰু প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে তিনিচুকীয়াৰ সমান্তৰালকৈ গোলাঘাটতো সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । গোলাঘাট নগৰৰ ৰাজপথত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই (Protest against question paper leak in Golaghat) । কঠোৰ নিৰাপত্তাৰ মাজত কেনেকৈ বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হয় ? প্ৰশ্ন কাকত ছেবাৰ ভিতৰ চ'ৰাৰ পৰাই ফাদিল হোৱাৰ অভিযোগ কৰে সংগঠন দুটাই ।

লগতে প্ৰশ্ন কাকত ফাদিলত ছেবাৰ উচ্চপদস্থ বিষয়া জড়িত থকাৰ অভিযোগ কৰে প্ৰতিবাদকাৰী সংগঠনকেইটাই । মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ এই ঘটনাৰ তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী জনায় আছুৰ লগতে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

তিনিচুকীয়া, গোলাঘাটৰ লেখিয়াকৈ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলক লৈ ৰহা, যোৰহাট, লখিমপুৰতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আনকি লখিমপুৰত বিভিন্ন সংগঠনে শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে অসমীয়া যুৱ মঞ্চই মুণ্ডন কৰিও সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

ছেবা আৰু শিক্ষা বিভাগে মিলি অসমীয়া শিক্ষা মাধ্যমটোক ধ্বংস কৰিব বিচৰা বুলি গৰিহণা দিয়ে সংগঠনটোৰ নেতৃত্বই । লগতে শিক্ষামন্ত্ৰীক অযোগ্য বুলিও ধিক্কাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । অসমীয়া শিক্ষা মাধ্যমৰ ওপৰত এনেদৰে কৌশলগতভাৱে আক্ৰমণ কৰা বন্ধ নকৰিলে অনাগত দিনত সংগঠনটোৱে জংগী আন্দোলন হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : HSLC Gen Science exam: 30 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

Last Updated :Mar 13, 2023, 5:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.