ETV Bharat / state

কিমান গ্ৰহণযোগ্য সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন !

author img

By

Published : May 19, 2020, 2:00 PM IST

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনক লৈ সময়ে সময়ে বিতৰ্কৰ সৃষ্টি হৈ আহিছে ৷ ভাৰতবৰ্ষত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত এই ক'লা আইনে কাঢ়ি নিছে বহুসংখ্যক নিৰীহৰ প্ৰাণ ৷ এনে অৱস্থাত পুনৰ এই বিতৰ্কিত আইনক লৈ প্ৰশ্ন উত্থাপন কৰিছে উত্তৰ-পূৱৰ অন্যতম ছাত্ৰ সংগঠন ৱাছুং ছাত্ৰ সন্থাই ৷

ৱাংচু ছাত্ৰ সন্থাৰ
অৰুণাচলত সেনাৰ গুলিত নিহত লোকৰ ন্যায়ৰ দাবী ৱাংচু ছাত্ৰ সন্থাৰ

শিৱসাগৰ, 19 মেঃ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ৷ বিগত 16 মে'ত অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পুমা গাঁৱত সংঘটিত এক গুলিচালনাৰ পিচতে এই বিতৰ্কিত আইনৰ বৈধতাক লৈ পুনৰ উত্থাপন হৈছে বহুটো প্ৰশ্নৰ ৷

90 দশকত এই আইনৰ বিতৰ্কিত অধ্যায় সকলোৰে জ্ঞাত আৰু সহস্ৰাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া এই আইনে চিৰদিনৰ বাবে পংগু কৰিছিল বহুতকে ৷ উগ্ৰবাদ দমনৰ নামত সাধাৰণ জনতাক অত্যাচাৰ কৰাটো সামৰিক বাহিনীৰ এক নৈমিত্তিক ঘটনাত পৰিনত হৈছিল যদিও এই আইনৰ বিৰুদ্ধে সমানে প্ৰতিবাদো সম্পন্ন হৈছিল যদিও উত্তৰ-পূৱবাসীৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাছিল কেন্দ্ৰীয় চৰকাৰে ৷ অৱশ্যে সময়ৰ লগে লগে এই বিতৰ্কিত আইনৰ বহুটো সংশোধনী কৰাৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন জিলাৰ পৰা বাতিল কৰা হৈছে এই আইন ৷ অৱশ্যে, অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ কেইখনমান জিলাত এতিয়াও সক্ৰিয় কৰি ৰখা হৈছে এই আইন ৷

শেহতীয়াকৈ অৰুণাচলৰ লংডিং জিলাৰ পুমা গাঁৱত সেনাৰ গুলিত নিহত হৈছিল এগৰাকী সাধাৰণ লোক ৷ সেনাৰ 19 শিখ ৰেজিমেন্টৰ দ্বাৰা সংঘটিত গুলিচালনাত আন ছজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু ইয়াৰে এগৰাকী লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ বিৰোধিতাৰে অৰুণাচল প্ৰদেশৰ ৱাংচু ছাত্ৰ সন্থাই এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাললৈ এখন চাৰিদফীয়া স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

সেনাৰ দ্বাৰা সংঘটিত এই ঘটনাক লৈ মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ সেনাৰ দ্বাৰা এই আইনৰ দুব্যৱহাৰ হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে এই বিতৰ্কিত এই আইন বাতিল কৰিবলৈ দাবী উত্থাপন কৰি শীঘ্ৰেই ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে ৷ আনহাতে সেনাই প্ৰকাশ কৰা স্পষ্টীকৰণ নাকচ কৰি ইয়াক ভুৱা বুলি আখ্যা দিয়ে ৱাংচু ছাত্ৰ সন্থাই ৷ সাধাৰণ জনতাৰ ওপৰত সংঘটিত হৈ অহা আতিশায্য বন্ধ কৰি এই দিশৰ এক ন্যায়িক তদন্তৰো দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ উত্তৰ-পূৱত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন কি কাৰণত বলৱৎ কৰি ৰখা হৈছে, ৰাইজক অত্যাচাৰ কৰি অহা হৈছে, তাৰ সকলো উত্তৰ বিচাৰি মুখ্যমন্ত্ৰী পেমা খান্দুক এই বিষয়ত গুৰুত্ব প্ৰদান কৰি দোষীক চিনাক্ত কৰি চৰম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে ৷

অৰুণাচলত সেনাৰ গুলিত নিহত লোকৰ ন্যায়ৰ দাবী ৱাংচু ছাত্ৰ সন্থাৰ

অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ছাত্ৰ সংগঠনটোৱে ভুক্তভোগী পৰিয়ালটোক শীঘ্ৰেই ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ ইয়াৰ উপৰিও সেনাৰ গুলিত নিহত লোকজনৰ পৰিয়ালক ৫০ লাখ, গুৰুতৰভাৱে আহত লোকজনৰ পৰিয়ালক ১০ লাখ আৰু আহত আনকেইজনক ৫ লাখকৈ টকা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে ৱাংচু ছাত্ৰ সন্থাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.