ETV Bharat / state

Veer Pangrao Award 2023 : পবিত্ৰ গগৈ মাৰ্ঘেৰিটালৈ ২০২৩ বৰ্ষৰ বীৰ পাঙৰাও বঁটা ঘোষণা

author img

By

Published : Jan 26, 2023, 5:23 PM IST

ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ গগৈ মাৰ্ঘেৰিটালৈ ২০২৩ বৰ্ষৰ বীৰ পাঙৰাও বঁটা ঘোষণা টাই আহোম যুৱ পৰিষদৰ (Veer Pangrao Award 2023 to Pabitra Margherita) ৷ আমগুৰিৰ বীৰ পাঙৰাও ক্ষেত্ৰত হ’বলগীয়া মে ডাম মে ফি অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বঁটা ৷

veer-pangrao-award-2023-to-pabitra-margherita-at-amguri
পবিত্ৰ গগৈ মাৰ্ঘেৰিটালৈ ২০২৩ বৰ্ষৰ বীৰ পাঙৰাও বঁটা ঘোষণা

পবিত্ৰ গগৈ মাৰ্ঘেৰিটালৈ ২০২৩ বৰ্ষৰ বীৰ পাঙৰাও বঁটা ঘোষণা

আমগুৰি, ২৬ জানুৱাৰী : আজি দেশৰ লগতে সমগ্ৰ ৰাজ্যজুৰি 74 সংখ্যক গণৰাজ্য দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৷ ইয়াৰ সমান্তৰালকে বুধবাৰে আমগুৰিৰ বীৰ পাঙৰাও ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদে এক সংবাদমেল আয়োজন কৰি আমগুৰিত হ’বলগীয়া মে ডাম মে ফি অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ গগৈ মাৰ্ঘেৰিটালৈ ২০২৩ বৰ্ষৰ বীৰ পাঙৰাও বঁটা ঘোষণা কৰে (Veer Pangrao Award 2023 to Pabitra Margherita) ৷ এই মে ডাম মে ফি অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যও ৷

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও বিজয় ৰাজকোঁৱৰে সংবাদমেলত কয় যে টাই আহোম যুৱ পৰিষদ অসম আৰু কুম কুন খাও ফু ৰা লুঙ অসমৰ সহযোগত বীৰ পাঙৰাও ক্ষেত্ৰ উন্নয়ন সমিতিৰ সহযোগত কেন্দ্ৰীয়ভাৱে মে ডাম মে ফি অনুষ্ঠানৰ আয়োজন কৰিছে (Veer Pangrao Award 2023 announced)। আমগুৰিৰ সমীপৰ লালিম চাপৰি বীৰ পাঙৰাও ক্ষেত্ৰত অহা ২৭ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে মে ডাম মে ফি অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Me dam me phi celebrated at Amguri)।

উল্লেখ্য যে টাই আহোমসকলৰ উপৰিপুৰুষক স্মৰণ কৰা আৰু পৰম্পৰাগত মাংগলিক তথা পবিত্ৰ অনুষ্ঠান মে ডাম মে ফি টাই জনগোষ্ঠীৰ ( Me Dam Me Phi of Ahom religion) এক অন্যতম পৰম্পৰা । লালিম চাপৰিৰ বীৰ পাঙৰাও ক্ষেত্ৰ টাই আহোম যুৱ পৰিষদে উদ্ধাৰ কৰি বীৰ পাঙৰাও মৈডাম সংৰক্ষণ কৰি প্ৰতি বছৰে কেন্দ্ৰীয়ভাৱে মে ডাম মে ফি অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।

এই অনুষ্ঠানতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক (Cabinet Minister Jogen Mohan) ২০২২ বৰ্ষত বীৰ পাঙৰাও বঁটা প্ৰদান কৰা লগতে পূৰ্বে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা (MP Ajit Kumar Bhuyan), কণ্ঠশিল্পী মানস ৰবিন (Singer Manas Robin), যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ভোলা গগৈ, বিশিষ্ট সমাজকৰ্মী হেম ভাইক (Socialist Hem Bhai) বীৰ পাঙৰাও বঁটাৰে সন্মানিত কৰিছিল ।

এই বীৰ পাঙৰাও বঁটা অনুষ্ঠানত মুকলি সভাৰ সভাপতিত্ব কৰিব শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে । টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও বিজয় ৰাজকোঁৱৰে উদ্বোধন কৰিব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়া, নিৰ্দিষ্ট বক্তা হিচাপে টাইপা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মানচাও লোহিত গগৈ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভা সাংসদ কামাখ্যা প্ৰসাদ তাচা, শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দিপজ্যোতি গগৈ, কুম কুন খাও ফু ৰা লুঙ অসমৰ গৌতম বুঢ়াগোহাই, যুৱনেতা ময়ুৰ বুঢ়াগোহাই , অ'এনজিচিৰ ইডি ৰাজেশ শৰ্মা উপস্থিত থাকিব।

মে ডাম মে ফিৰ অনুষ্ঠানত পূজা আৰম্ভ কৰিব ম’লুঙ পদ্ম দেওধাই ফকনে। অনুষ্ঠানত আয়োজন কৰা আলোচনাচক্ৰৰ মুখ্য আলোচক কুম কুন খাও ফু ৰা লুঙ অসমৰ সভাপতি ম’ চাও জ্ঞানন্দ ফুকন, আমন্ত্ৰিত অতিথি হিচাপে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi), টাইপা কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত ফুকন, অসম চৰকাৰৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, আহোম জাতীয় গণমঞ্চ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়া উপস্থিত থাকিব। মে ডাম মে ফিৰ সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী মানস ৰবিন, বিপুল চেতিয়া ফুকন, দেৱজিত বড়া, জুনিয়ৰ জুবিন খ্যাত প্লাবন ভূঞাই গীতৰ শৰাই আগবঢ়াব।

লগতে পঢ়ক: Saraswati Puja 2023 : বাগদেৱীৰ আৰাধনাৰ তাৎপৰ্য আৰু মহত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.