ETV Bharat / state

Sivasagar Physical abuse case : কিশোৰী নিৰ্যাতনৰ অভিযুক্তক আৰক্ষী জিম্মালৈ প্ৰেৰণ

author img

By

Published : Mar 11, 2023, 1:15 PM IST

Sivasagar Physical abuse case
কিশোৰী নিৰ্যাতনৰ অভিযুক্তক আৰক্ষী জিম্মালৈ প্ৰেৰণ

নামতিৰ চাঞ্চল্যকৰ কিশোৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ঘটনাৰ মূল অভিযুক্তক তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ । এতিয়ালৈ আৰক্ষীয়ে ৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে (5 arrested on Namti molestation case)। নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দিহিঙীয়াকো ৰিজাৰ্ভ ক্ল'জ আৰু কনিষ্টবল পবিন চৰাইমুৰীয়াকো গ্ৰেপ্তাৰ ।

কিশোৰী নিৰ্যাতনৰ অভিযুক্তক আৰক্ষী জিম্মালৈ প্ৰেৰণ

আমগুৰি, ১১ মাৰ্চ : শেহতীয়াকৈ শিৱসাগৰ জিলাৰ নামতিত কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল (Sexual harassment case in Sivasagar)। যোৱা ২১ ফেব্ৰুৱাৰীত ভুক্তভোগী কিশোৰীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল । তাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে । ইফালে ঘটনাৰ মূল অভিযুক্ত বাবুল আলীয়েও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে । মূল অভিযুক্ত বাবুল আলীক ইতিমধ্যে আদালতে তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে (Teenage molester sent to police custody)।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত নামতি আৰক্ষীয়ে বাবুল আলীৰ লগতে ৫ জনক গ্ৰেপ্তাৰ কৰিছে । নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত কিশোৰী নিৰ্যাতনকাৰী বাবুল আলীক ৰক্ষণাৱেক্ষণ দিয়া নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দিহিঙীয়াকো ৰিজাৰ্ভ ক্ল'জ কৰাৰ উপৰিও অভিযুক্তক ৰক্ষণাৱেক্ষণ দিয়া কনিষ্টবল পবিন চৰাইমুৰীয়াকো গ্ৰেপ্তাৰ কৰি জেল হাজোতালৈ প্ৰেৰণ কৰিছে (Namti police station OC reserve closed)।

আনহাতে আৰক্ষীয়ে বাবুল আলীৰ পত্নী আছমা বেগম, ইছাদ আলী আৰু জাকিৰ নামৰ অভিযুক্তক কেইজনকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । নামতিৰ কিশোৰী নিৰ্যাতন ঘটনা সন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পাছতেই তৎপৰ হৈ পৰিছিল অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ।

উল্লেখ্য যে বিগত এটা বছৰে অষ্টম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল বাবুল আলী নামৰ লোকজনে । কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পিতৃ-মাতৃক অৱগত কৰাৰ পাছতেই নামতি আৰক্ষী থানাত যোৱা ২১ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল । নামতি আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাৰ পৰিৱৰ্তে ৰক্ষণাৱেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ।

উপায়বিহীন হৈ পৰিয়ালৰ লোকে কাষ চাপিছিল নৱদ্বীপ সমাজ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ । ঐক্য সেনা অসম নামৰ সংগঠনটোৱেও সহায় আগবঢ়াইছিল নিৰ্যাতিত কিশোৰীগৰাকীৰ পৰিয়ালক । নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক বিষয়টো তদাৰকৰ দায়িত্ব অৰ্পণ কৰাৰ পাছতেই আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি ঘটনাৰ সৈতে জড়িত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Minor girl sexually abused in Namti Sivasagar)।

ইয়াৰ ভিতৰত মূল অভিযুক্ত বাবুল আলীয়ে আত্মসমৰ্পণ কৰাৰ পাছতেই আৰক্ষীয়ে বাবুল আলীৰ পত্নী আছমা বেগম, ইছাদ আলী আৰু জাকিৰ নামৰ আনকেইজনকো গ্ৰেপ্তাৰ কৰে । এজাহাৰ দাখিলৰ পাছতো তদন্তত গাফিলতি কৰাৰ অভিযোগত নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দিহিঙীয়াক ৰিজাৰ্ভ ক্ল'জ কৰাৰ উপৰিও অভিযুক্তক ৰক্ষণাৱেক্ষণ দিয়াৰ অভিযোগত কনিষ্টবল পবিন চৰাইমুৰীয়াক আটক কৰি জেললৈ প্ৰেৰণ কৰে (Police constable arrested on molestation case)।

আৰক্ষীয়ে মূল অভিযুক্ত বাবুল আলীক তিনিদিনৰ জিম্মাত লোৱাৰ উপৰিও আনকেইজন অভিযুক্তক জেললৈ প্ৰেৰণ কৰিছে । ১৩ বছৰীয়া এগৰাকী কিশোৰীক দীৰ্ঘদিনৰ পৰা ব্যৱসায়ী বাবুল আলীয়ে শাৰীৰিক, মানসিক নিৰ্যাতন চলাই আহিছিল । কিশোৰীগৰাকীয়ে স্নান কৰাৰ সময়ত কৌশলেৰে ফটো তুলি ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি আহিছিল বাবুল আলীয়ে । নিচাযুক্ত দ্ৰব্য খুওৱাই হত্যাৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও কিশোৰীগৰাকী টিউচনলৈ যোৱাৰ সময়ত বাবুল আলীয়ে বলপূৰ্বকভাৱে গাড়ীত উঠোৱাৰ চেষ্টা কৰে ।

লগতে পঢ়ক :Sexual Harassment Case in Sivasagar: অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত নামতি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.