ETV Bharat / state

Sexual Harassment Case in Sivasagar: অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত নামতি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল'জ

author img

By

Published : Mar 7, 2023, 1:23 PM IST

Sivasagar
Sivasagar

ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ । নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দিহিঙ্গীয়াক ৰিজাৰ্ভ ক্ল'জ (Namati police station OC reserve closed)। কিশোৰী নিৰ্যাতনৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ বিনোদ দিহিঙ্গীয়াৰ বিৰুদ্ধে । নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নিৰ্দেশত ৰিজাৰ্ভ ক্ল'জ ।

আমগুৰি, ৭ মাৰ্চ : ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱ (ETV Bharat Assam news Impact) । ইটিভি ভাৰত অসমত প্ৰকাশিত বাতৰিৰ পিছতে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক (Namati police station OC reserve closed) । নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দিহিঙ্গীয়াক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে । উল্লেখ্য যে নামতিত ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল নামতি আৰক্ষীৰ বিৰুদ্ধে (sexual harassment allegation in sivasagar) ।

উক্ত কিশোৰী যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত বাবুল আলীক নামতি আৰক্ষীয়ে ১৫ দিন ধৰি গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছিল (minor girl sexually abused in namati sivasagar) । তাৰ বিপৰীতে নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দিহিঙ্গীয়াই বাবুল আলীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল । এই সন্দৰ্ভত পৰিয়াল তথা ৰাইজৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ঘটনা সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল ইটিভি ভাৰত অসমত । তাৰ পিছতেই নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নিৰ্দেশত ৰিজাৰ্ভ ক্ল'জ কৰে নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দিহিঙ্গীয়াক (Sexual Harassment case in Sivasagar) ।

ইতিমধ্যে ৰাজেশ প্ৰসাদ ৰ'নিয়াৰক নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে । আনহাতে, নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই অভিযুক্ত বাবুল আলীৰ গৃহত অভিযান চলাই এখন বিলাসী গাড়ী জব্দ কৰাৰ লগতে জাকিৰ নামৰ এজন ব্যৱসায়ীক আটক কৰিছে । উল্লেখ্য যে কিশোৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে নাজিৰা মহকুমা আৰক্ষী বিষয়া আৰু নামতি আৰক্ষীক অভিযোগ দিয়াৰ পিছতো ন্যায় লাভ কৰা নাছিল পৰিয়ালটোৱে (Physically mentally abused of teenagers) । এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ইটিভি ভাৰত অসমে ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰাৰ পিছতে নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই বিশেষভাৱে অভিযান চলায় ।

উল্লেখ্য যে নামতি চাৰিআলিৰ ব্যৱসায়ী বাবুল আলীয়ে সমীপৰে এগৰাকী কিশোৰীক এবছৰ ধৰি শাৰীৰিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উঠিছিল । এই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে নামতি আৰক্ষীৰ ওচৰত অভিযোগ দিয়ে । কিন্তু অভেযোগৰ পিছতো অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ উঠে খোদ আৰক্ষীৰ বিৰুদ্ধে । অভিযোগমতে, বাবুল আলী নামৰ ব্যৱসায়ীজনে ১৩ বছৰীয়া কিশোৰীগৰাকীক দীৰ্ঘদিন ধৰি শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাই আহিছিল ।

আনহাতে, কিশোৰীগৰাকীৰ গোপন মুহূৰ্তৰ ছবি অতি কৌশলেৰে সংগ্ৰহ কৰি ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল অভিযুক্ত বাবুল আলীয়ে । ইফালে নিচাযুক্ত দ্ৰব্য সেৱন কৰাই ডিঙিত ছুৰী থৈ কিশোৰীগৰাকীক ভাবুকি দিয়াৰো চাঞ্চল্যকৰ অভিযোগ উঠে অভিযুক্তৰ বিৰুদ্ধে । ইয়াৰ উপৰি কিশোৰীগৰাকী টিউচনলৈ যোৱা অৱস্থাত জোৰ-জবৰদস্তি কৰি গাড়ীত উঠোৱাৰ চেষ্টা কৰা, ফোন কৰি ধমক দিয়া, গালি-গালাজ কৰা, নিচাযুক্ত দ্ৰব্য খুওৱাকে ধৰি বিভিন্ন শাৰীৰিক-মানসিক নিৰ্যাতন প্ৰায় এটা বছৰে ধৰি অভিযুক্ত বাবুল আলীয়ে চলাই আহিছিল বুলি পৰিয়ালৰ অভিযোগ ।

লগতে পঢ়ক :Dead body rescued: নলবাৰীত ডিঙি কটা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.