ETV Bharat / state

Crime in Sivasagar: নেমুগুৰিৰ পাটসাঁকোত কিশোৰী নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Mar 21, 2023, 10:45 PM IST

Molestation case in Sivasagar
নেমুগুৰিত নাৰী নিৰ্যাতনৰ ঘটনা

ৰাজ্যত দৈনিক বৃদ্ধি পাইছে কিশোৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিত সংঘটিত হৈছে এনে ঘটনা (Molestation case in Sivasagar)। কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক ।

নেমুগুৰিত নাৰী নিৰ্যাতনৰ ঘটনা

আমগুৰি, ২১ মাৰ্চ: সজাগতাৰ পিছতো ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা (Rape Case in Assam) ৷ একাংশ লম্পটৰ বাবে যেন অসুৰক্ষিত হৈ পৰিছে কিশোৰী, যুৱতী আদি । নাৰীৰ ওপৰত অত্যাচাৰ, নির্যাতন আদি প্ৰসংগক লৈ চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক সচেষ্ট কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সুৰক্ষিত হোৱা নাই নাৰীসমাজ ৷ ইয়াৰ মাজতেই সংঘটিত হৈছে শিৱসাগৰ জিলাৰ নেমুগুৰিত সংঘটিত হৈছে এক নাৰী নিৰ্যাতনৰ ঘটনা (Case of harassment of teenager in Sivasagar)।

জিলাখনৰ নেমুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পাটসাঁকোত কিশোৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে (Teenage girl abused in Patsanko)। এজন ৬০ বছৰীয়া লোকৰ হাতত নিৰ্যাতিত হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী । নেমুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পাটসাঁকোত ৬০ বছৰীয়া বৃদ্ধৰ হাতত নিৰ্যাতিত হৈছে এগৰাকী ১৩ বছৰীয়া কিশোৰী । কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত নেমুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গিৰিণ গগৈ নামৰ অভিযুক্তটোক ।

ঘটনা অনুসৰি সোমবাৰে পুৱা কিশোৰীগৰাকীৰ পিতৃয়ে ঘৰত বিদ্যুতৰ কাম কৰিবলৈ পাটসাঁকো সন্দিকৈ গাঁৱৰ গিৰিণ গগৈ নামৰ অভিযুক্তটোক ঘৰলৈ অনাৰ পিচত ৰূমৰ ভিতৰত কাম কৰি থকা অৱস্থাত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ১৩ বছৰীয়া কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলায় । ইয়াৰ পিচতে কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত অভিভাৱক উপস্থিত হোৱাত অভিযুক্ত গিৰিণ গগৈয়ে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ।

পিছত পৰিয়ালৰ লোকে নেমুগুৰি থানাৰ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিৰ্যাতন কৰি পলাই যোৱা অভিযুক্তটোক পথাৰৰ মাজৰ পৰা খেদি খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । পিছত নেমুগুৰি আৰক্ষীয়ে নেমুগুৰি আৰক্ষী থানাৰ ০৬/২০২৩ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত গিৰিণ গগৈক আদালত হাজিৰ কৰে ।

লগতে পঢ়ক:Uncle of Amritpal moved to Dibrugarh jail: ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰত অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.