ETV Bharat / state

Sringkhal Chaliha detain : বীৰ লাচিত সেনাৰ জোঁৰ সমদলত বাধা শিৱসাগৰ আৰক্ষীৰ

author img

By

Published : Jan 4, 2022, 9:44 PM IST

বীৰ লাচিত সেনাৰ জোঁৰ সমদল কাৰ্যসূচীত বাধা শিৱসাগৰ আৰক্ষীৰ(Candel march by Bir Lachit Sena)। শৃংখল চলিহাৰ লগতে সংগঠনৰ প্ৰায় ১৫ গৰাকী বিষয়ববীয়া আৰু কৰ্মীক আটক কৰিলে শিৱসাগৰ আৰক্ষীয়ে(Sringkhal Chaliha detained by Sivasagar police) ।

Sringkhal Chaliha detain by Sivasagar police
বীৰ লাচিত সেনাৰ জোঁৰ সমদলত বাধা শিৱসাগৰ আৰক্ষীৰ

শিৱসাগৰ, 4 জানুৱাৰী : গণতন্ত্ৰক হত্যা কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈ নিজৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি দলৰ চৰকাৰে । এই অভিযোগ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ(Lachit Sena Activist Sringkhal Chaliha) ।

সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈকে বীৰ লাচিত সেনাই(Bir Lachit Sena) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ‍্যোগত “অসমীয়া ভাষা ৰক্ষাৰ স্বাৰ্থত সংকল্প শিখা জোঁৰ সমদল” শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে(Candel march by Bir Lachit Sena)। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাক প্ৰত্যাহাৰ কৰাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই গ্ৰহণ কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচী ।

বীৰ লাচিত সেনাৰ জোঁৰ সমদলত বাধা শিৱসাগৰ আৰক্ষীৰ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ নগৰৰ কে পি চাৰিআলিস্থিত কালিপ্ৰসাদ মেমৰিয়েল হল প্ৰাঙ্গনৰ পৰা এই জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গোট খাইছিল সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মী । কিন্ত জোঁৰ সমদলৰ পূৰ্বে শিৱসাগৰ নগৰৰ কে পি চাৰিআলি পৰিৱৰ্তিত হৈছিল আৰক্ষী চাউনী ৰূপে । ইয়াৰ পাছতে এই জোঁৰ সমদল উলিওৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে ।

আৰক্ষীৰ বাধা প্ৰদানক লৈ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহা(Sringkhal Chaliha)ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "গণতন্ত্ৰৰ হত্যা কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈ নিজৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি দলৰ চৰকাৰখনে" এনেধৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীৰ্য্যক মন্তব্য আগবঢ়ায় বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই । অৱশেষত শৃংখল চলিহাৰ লগতে সংগঠনৰ প্ৰায় ১৫ গৰাকী বিষয়ববীয়া আৰু কৰ্মীক শিৱসাগৰ আৰক্ষীয়ে আটক কৰি শিৱসাগৰ সদৰ থানালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : চি কে এছ’চিয়েটৰ কাৰ্যালয়ত তলা ওলোমালে বীৰ লাচিত সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.