ETV Bharat / state

আমগুৰিৰ দিখৌমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ

author img

By

Published : Feb 18, 2020, 12:01 PM IST

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে পুনৰ সাতোটাকৈ পৰিয়ালে হেৰুৱাৰ উপক্ৰম হৈছে নিজৰ মাটি-ভেটি । স্থানীয় ৰাইজৰ অভিযোগ,জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনে এই পৰ্যন্ত লোৱা নাই কোনো পদক্ষেপ । স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাইও প্ৰকৃত সমস্যালৈ গুৰুত্ব নিদি অঞ্চলটোত মাত্ৰ ভূমুকি মাৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

আমগুৰিৰ দিখৌমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ
আমগুৰিৰ দিখৌমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ

আমগুৰি,18 ফেব্ৰুৱাৰীঃ ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে শিৱসাগৰৰ আমগুৰিৰ দিখৌমুখত । ইখনৰ পাচত সিখন গাঁও জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত । চিন্তিত নৈ পৰীয়া ৰাইজ। জিলাখনৰ ১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ অন্তগত দিখৌমুখলৈ সংকট মাতি আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই । দিখৌমুখৰ মামল চিকাৰী পাৰঘাটকে ধৰি অঞ্চলটোৰ ১নং, ২নং আলিমুৰ,পুৰণি গুদাম, ৰূপহী মুখৰ কেইবাখনো গাঁও এতিয়া খহনীয়াৰ কবলত । বিগত বছৰ সমুহত ধাৰাবাহিক ভাৱে হোৱা খহনীয়াৰ কবলত ইতিমধ্যেই জাহ গৈছে কেইবা শ হেক্টৰ ভূমি । আঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ হৈছে গৃহহাৰা ।

SIVASAGAR AMGURI MASSIVE EROSION ETV BHARAT NEWS
আমগুৰিৰ দিখৌমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে পুনৰ সাতোটাকৈ পৰিয়ালে হেৰুৱাৰ উপক্ৰম হৈছে নিজৰ মাটি-ভেটি । স্থানীয় ৰাইজৰ অভিযোগ,জলসম্পদ বিভাগ তথা জিলা প্ৰশাসনে এই পৰ্যন্ত লোৱা নাই কোনো পদক্ষেপ । স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাইও প্ৰকৃত সমস্যালৈ গুৰুত্ব নিদি অঞ্চলটোত মাত্ৰ ভূমুকি মাৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে শিৱসাগৰৰ আমগুৰিৰ দিখৌমুখত

খহনীয়াৰ বাবে অঞ্চলটোৰ কেবাজনো ব্যক্তিয়ে বাসগৃহ স্থানান্তৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰ্তমানলৈকে শিৱসাগৰ জিলা প্ৰশাসনে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈছে অঞ্চলবাসী উল্লেখ্য যে ১৯৯০ চনৰপৰা ধাৰাবাহিকভাৱে হোৱা খহনীয়াত বহু পৰিয়ালৰ ঘৰ-বাৰী,কৃষিভূমি খহনীয়াত জাহ যোৱাৰ লগতে বহু পৰিয়াল গৃহহীন হৈছে । ইয়াৰ পিছতো শাসনাধিষ্ঠিত চৰকাৰৰ গুৰুত্বহীনতাত অঞ্চলবাসী ক্ষোভিত ৷

লগতে চাওকঃ

আগন্তক বিধানসভা নিৰ্বাচনত ছ’চিয়েল মিডিয়াত গুৰুত্ব দিব অগপই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.