ETV Bharat / state

MGNREGA scheme: নিশাৰ ভিতৰতে ম্যাদী পট্টাৰ মাটিত নিৰ্মাণ কৰিলে এনৰেগাৰ পথ

author img

By

Published : May 9, 2023, 7:38 PM IST

গৰাকীৰ অনুমতি অবিহনেই ম্যাদী পট্টাৰ মাটিত নিৰ্মাণ কৰিলে এমজিএনৰেগা আঁচনিৰ পথ (MGNREGA scheme in Sivasagar)। আমগুৰি বৰাহীবাৰী গাঁও পঞ্চায়তত নিশাৰ ভিতৰতে নিৰ্মাণ কৰিছে এই পথ ।

Scam in NREGA in Amguri
এমজিএনৰেগা আঁচনিত অনিয়ম

এমজিএনৰেগা আঁচনিত অনিয়ম

আমগুৰি, ৯ মে: আমগুৰি বৰাহীবাৰী গাঁও পঞ্চায়তত ম্যাদী পট্টাৰ মাটিত অকৰ্তৃত্বশীলভাৱে নিৰ্মাণ কৰিলে এম জি এনৰেগা আঁচনিৰ পথ । আমগুৰি উন্নয়ণ খণ্ডৰ অধীনৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ শেহতীয়া কৰ্মকাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে । উত্থাপিত অভিযোগ অনুসৰি পঞ্চায়তখনৰ কাৰ্যালয়ৰ সমীপতে ৩ নং ৱাৰ্ডত এমজিএনৰেগা আঁচনিৰ অধীনত ৯ লাখ টকা ব্যয় সাপেক্ষে পঞ্চায়তখনে এটা পথ নিৰ্মাণৰ কাম আৰম্ভ কৰে (Allegation of scam in NREGA) । নৱীন আলি গায়েন গাঁও-পুৰণিচুক সংযোগী কৃষিবান্ধ নামকৰণৰ ৬০০ মিটাৰ দৈৰ্ঘৰ পথটো দুজনকৈ ব্যক্তিৰ ম্যাদী ভূমিৰ মাজেৰে নিৰ্মাণ কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

ডিব্ৰুৱাল ৰাজহ গাঁৱৰ ২৬ নং ম্যাদী পট্টাৰ ৬০১ নং দাগ, ৫৪ নং ম্যাদী পট্টাৰ ৮৪৭ দাগ আৰু ৫৮ নং ম্যাদী পট্টাৰ ৬১০ নং দাগৰ মাজেৰে অবৈধভাৱে পথটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংশ্লিষ্ট ভূমিৰ গৰাকীয়ে (Scam in NREGA in Amguri) । ৬০১ নং দাগৰ পট্টাদাৰ যাদৱ দত্তই অভিযোগ কৰা অনুসৰি তেওঁলোকৰ অজ্ঞাতেই বৰাহীবাৰী গাঁও পঞ্চায়তৰ সচিব, অভিযন্তাই লগলাগি অবৈধভাৱে এই পথটো নিশাৰ ভিতৰতে নিৰ্মাণ কৰিছে ।

এই সন্দৰ্ভত যাদৱ দত্তই যোৱা ১০ মাৰ্চত আমগুৰি ৰাজহচক্ৰ বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল যদিও কোনো সদুত্তৰ নোপোৱাত ১৫ মাৰ্চত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ ওচৰতো লিখিত অভিযোগ দাখিল কৰে (Commissioner of Panchayat and Rural Development)। ইয়াৰ পিচতো সংশ্লিষ্ট পক্ষৰ পৰা কোনো সহাৰি লাভ নকৰাত যাদৱ দত্তই যোৱা ৩ এপ্ৰিলত বৰাহীবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়লৈ ভূমিৰ ক্ষতিপূৰণ বিচাৰি জাননী প্ৰেৰণ কৰিছে ।

অনুৰূপ ধৰণে ৫৪ নং আৰু ৫৮ নং পট্টাৰ পট্টাদাৰ ক্ৰমে বিৰেণ গগৈ আৰু ভূৱন গগৈয়েও যোৱা ২৪ এপ্ৰিলত সংশ্লিষ্ট ভূমিৰ ক্ষতিপূৰণ বিচাৰি জাননী প্ৰেৰণ কৰিছে । ইফালে,গাঁও পঞ্চায়তখনৰ সচিব প্ৰভাত ফুকনে উক্ত পথটো ৰাইজৰ দাবীত নিৰ্মাণ কৰা হৈছে বুলি অভিযোগ উত্থপন কৰিছে । সচিবগৰাকীয়ে অৱশ্যে ম্যাদী পট্টাৰ মাটিত কেনেদৰে এমজিএনৰেগা আচনিৰ পথ নিৰ্মাণ কৰিলে সেই সন্দৰ্ভত অজ্ঞতাহে প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, ৰাজহ বিভাগৰ মানচিত্ৰত উক্ত পথটোৰ কোনো চিন নাই । আনহাতে, সচিবগৰাকীয়ে প্ৰকাশ কৰা মতে, উক্ত পথ নিৰ্মাণৰ বাবদ জবকাৰ্ডৰ পাৰিশ্ৰমিক হিচাপে প্ৰায় ১.৫ লাখ টকা আদায় দিয়া হৈছে । কোনো জাননী জাৰি নকৰা, মাটি অধিক গ্ৰহণ নকৰা আৰু কোনো ক্ষতিপূৰণ আদায় নিদিয়াকৈ বৰাহীবাৰী গাঁও পঞ্চায়তে কেনেদৰে ব্যক্তিগত ভূমিৰ মাজেৰে এটা পথ নিৰ্মাণত অনুমোদন দিলে তাক লৈ ৰাইজৰ মাজত চৰ্চা হৈছে ।

লগতে পঢ়ক:Brutal murder: এজন লোক মৃত্যুক লৈ চিমেন চাপৰিত চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.