ETV Bharat / state

Brutal murder: এজন লোক মৃত্যুক লৈ চিমেন চাপৰিত চাঞ্চল্য

author img

By

Published : May 9, 2023, 3:47 PM IST

জোনাইৰ চিমেন চাপৰিত এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ ৷ নিজ গৃহতে মৃত অৱস্থাত উদ্ধাৰ হোৱা লোকজনক পৰিয়ালৰ লোকেই হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে (Brutal murder news)

Brutal murder at Jonai
Brutal murder at Jonai

জোনাইত হত্য়াকাণ্ড

জোনাই, ৯ মে': ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰি থানাৰ অন্তৰ্গত নতুন ৰংপুৰীয়া গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্য়াকাণ্ড (Brutal murder at Jonai) । নতুন ৰংপুৰীয়া গাঁওখনৰ কৰণ দাস ওৰফে খনেন নামৰ লোকজনক সোমবাৰে সন্ধিয়া নিজ গৃহতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় (Sensational murder at Dhemaji)। লোকজনক পৰিয়ালৰ লোকে নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

দিনৰ ভাগত সুস্থ অৱস্থাত থকা লোকজনক সন্ধিয়া হঠাৎ নিজ গৃহৰ বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে, লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ পাছতো পৰিয়ালৰ লোকে চিমেন চাপৰি থানাৰ আৰক্ষী অথবা ৰাইজক ঘটনা সন্দৰ্ভত অৱগত কৰা নাছিল (Chimen Sapari Thana) । পৰিয়ালৰ লোকে এই বিষয়ে ৰাইজক জনোৱা নাছিল যদিও ৰাইজে বিশেষ সূত্ৰে জানিব পাৰি গাঁৱৰ গ্ৰাম প্ৰধানজনক খবৰ দিয়ে । ইয়াৰ পিচতে স্থানীয় ৰাইজে চিমেন চাপৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ।

ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত চিমেন চাপৰি আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় । আনকি সোমবাৰে সন্ধিয়া হোৱা ঘটনাৰ পাছতো মৃত লোকজনৰ পত্নী তথা পৰিয়ালে আৰক্ষী থানাত উপস্থিত হৈ খবৰ নোলোৱা বুলি ৰাইজে অভিযোগ কৰিছে । দিনৰ ভাগত সুস্থ অৱস্থাত থকা লোকজনক সন্ধিয়া কোনে হত্য়া কৰিলে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদি পৰিয়ালৰ লোক এই হত্য়াকাণ্ডত জড়িত নাই তেতিয়াহ'লে থানালৈ মৃতদেহ নিয়াৰ পিচতো এবাৰে কিয় খবৰ লোৱা নাই । পৰিয়ালৰ লোকে ব্যক্তিজনক হত্যা কৰাৰ ৰাইজে সন্দেহ কৰাত লোকজনৰ পুত্ৰক ইতিমধ্যে চিমেন চাপৰি থানাৰ আৰক্ষীয়ে আটক কৰি সোধা পোছা আৰম্ভ কৰিছে (Murder accused arrested in Jonai)

লগতে পঢ়ক:Satgoan fake currency: সাতগাঁৱত গ্ৰেপ্তাৰ হোৱা জালনোট ব্যৱসায়ী চাহিদুলক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.