ETV Bharat / state

Khelo India North East : ৰূপৰ পদক বিজয়ী ছানিয়া গামক আমগুৰিত উষ্ম আদৰণি

author img

By

Published : Aug 3, 2022, 4:44 PM IST

Sania
Sania

কোকোৰাঝাৰত অনুষ্ঠিত উত্তৰ-পূব খেলো ইণ্ডিয়াত আমগুৰিৰ ছানিয়াই আঁজুৰি আনিলে ৰূপৰ পদক (Silver medal to Sania in Khelo India) । খেলুৱৈগৰাকীৰ এই সাফল্যত আমগুৰিত জনোৱা হয় উষ্ম আদৰণি ।

আমগুৰি, ৩ আগষ্ট : কোকোৰাঝাৰত অনুষ্ঠিত উত্তৰ-পূব খেলো ইণ্ডিয়াত (North East Khelo India Kokrajhar) আৰ্ছাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰূপৰ পদক আঁজুৰি আনিলে আমগুৰি হালোৱাটিং কপাহতলী মিছিং গাঁৱৰ মহেন্দ্ৰ প্ৰসাদ গামৰ কন্যা ছানিয়া গামে (Sania Gam won silver medal in Archery) ।

ৰূপৰ পদক বিজয়ী ছানিয়া গামক আমগুৰিত উষ্ম আদৰণি

উল্লেখ্য, ছানিয়া বৰ্তমান হালোৱাটিংস্থিত নৰ্থ ইষ্ট চেণ্ট্ৰেল ইংলিছ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী । কোকোৰাঝাৰৰ পৰা পদক লৈ গৃহভূমি আমগুৰিত উপস্থিত হোৱাৰ লগে লগে কপাহতলী মিছিং গাঁৱৰ ৰাইজে উষ্ম আদৰণি জনায় ছানিয়া গামক । উল্লেখ্য যে ৰাষ্ট্ৰীয় আৰ্ছাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল (Bronze medal winner Sania Gam in National Archery) আমগুৰি হালোৱাটিঙৰ ছানিয়া গামে ।

অন্ধ্ৰপ্ৰদেশৰ ৰাজামুণ্ডিত অনুষ্ঠিত নেচনেল আৰ্ছাৰী চেম্পিয়নশ্বিপ, ২০২২ ত প্ৰথমবাৰলৈ লাভ কৰিছিল ব্ৰঞ্জৰ পদক (National Archery Championship 2022) । ১৪ বছৰ অনূৰ্ধ্বৰ শাখাত অসমক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰি আমগুৰিৰ (National Archery Championship under 14) লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছানিয়া গামে ২০১৮ চনৰ জুলাই মাহৰ পৰা আৰ্ছাৰী খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অন্ধ্ৰপ্ৰদেশত ২ বাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰত আৰ্ছাৰী খেলত অংশগ্ৰহণ কৰিছে ।

আৰ্ছাৰী খেলত ছানিয়াই ৰাজ্যিক ভিত্তিত ২ টা সোণ, ২ টা ৰূপ, ১ টা ব্ৰঞ্জ, জিলা ভিত্তিত ৭ টা সোণ, ৪ টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে । আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ বাৰকৈ আৰ্ছাৰী খেলত অংশগ্ৰহণ কৰা ছানিয়াৰ লক্ষ্য ৰাষ্ট্ৰীয় আৰ্ছাৰী দলৰ দহজনীয়া তালিকাত নাম অন্তৰ্ভুক্ত কৰা আৰু অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা (Sania Gam dream to participating Olympic) ।

আমগুৰি আৰ্ছাৰী এছোচিয়েচনৰ প্ৰশিক্ষাৰ্থী (Amguri Archery Association) ছোনিয়াই প্ৰশিক্ষক সুৰজিৎ গগৈ, বিতোপন কোঁৱৰ, বৈকুণ্ঠ নাৰায়ণ কোঁৱৰ আৰু নিজৰা ফুকনৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক :CWG 2022: স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসমৰ নয়নমণিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.