ETV Bharat / state

ৰাষ্ট্ৰীয় আৰ্চাৰীত ব্ৰঞ্জৰ পদক লাভ শিৱসাগৰৰ চানিয়া গামৰ

author img

By

Published : Jun 12, 2022, 10:18 AM IST

Updated : Jun 12, 2022, 1:49 PM IST

Sania Gam
ৰাষ্ট্ৰীয় আৰ্চাৰীত ব্ৰঞ্জৰ পদক লাভ শিৱসাগৰৰ চানিয়া গামৰ

অন্ধ্ৰপ্ৰদেশৰ ৰাজামুণ্ডিত অনুষ্ঠিত ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত (National Archery Championship 2022) শিৱসাগৰৰ চানিয়া গামে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । আমগুৰিৰ হালোৱাটিঙৰ বাসিন্দা চানিয়া গাম । চানিয়াৰ সফলতাত আনন্দিত পৰিয়াল লগতে অসমবাসী ।

আমগুৰি, ১২ জুন : ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ উজলিল অসম সন্তান । অন্ধ্ৰপ্ৰদেশৰ ৰাজামুণ্ডিত অনুষ্ঠিত ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত(National Archery Championship 2022) ব্ৰঞ্জৰ পদক লাভ কৰে অসমৰ শিৱসাগৰৰ জীয়ৰী চানিয়া গামে । শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙৰ বাসিন্দা চানিয়া গাম । এনেদৰে প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰি যথেষ্ট আনন্দিত চানিয়া লগতে তেওঁৰ পৰিয়াল ।

উল্লেখ্য যে ১৪ বছৰৰ অনুৰ্ধৰ শাখাত অসমক প্ৰতিনিধিত্ব কৰিছিল চানিয়াই আৰু ব্ৰঞ্জৰ পদক লাভ কৰি আমগুৰিৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে(Sania Gam wins bronze at National Archery Championships)। হালোৱাটিঙৰ মহেন্দ্ৰ প্ৰসাদ গাম আৰু মাইনু গামৰ কন্যা চানিয়া হালোৱাটিঙৰ নৰ্থ ইষ্ট চেন্ট্ৰেল ইংলিছ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী । ২০১৮ চনৰ জুলাই মাহৰ পৰা আৰ্চাৰী খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰা চানিয়াই অন্ধ্ৰপ্ৰদেশত ২ বাৰকৈ অংশগ্ৰহণ কৰাৰ লগতে উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰত আৰ্চাৰী খেলত অংশগ্ৰহণ কৰিছে ।

ৰাষ্ট্ৰীয় আৰ্চাৰীত ব্ৰঞ্জৰ পদক লাভ শিৱসাগৰৰ চানিয়া গামৰ

আৰ্চাৰী খেলত চানিয়াই ৰাজ্যিক পৰ্যায়ত সোণৰ পদক ২ টা, ৰূপৰ ২ টা আৰু ব্ৰঞ্জৰ পদক ১টা লাভ কৰিছে । সমান্তৰালকৈ জিলা ভিত্তিত সোণৰ পদক ৭ টা, ৰূপৰ ৪ টা আৰু ব্ৰঞ্জৰ ১ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

ৰাষ্ট্ৰীয় পৰ্যায়ত ৫ বাৰকৈ আৰ্চাৰী খেলত অংশগ্ৰহণ কৰা চানিয়াৰ লক্ষ্য ৰাষ্ট্ৰীয় আৰ্চাৰী দলৰ দহজনীয়া তালিকাত নাম অন্তৰ্ভুক্ত কৰা আৰু অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা ।আমগুৰি আৰ্চাৰী এছ'চিয়েচনৰ প্ৰশিক্ষাৰ্থী চানিয়াই প্ৰশিক্ষক সুৰজিৎ গগৈ, বিতোপন কোঁৱৰ, বৈকুণ্ঠ নাৰায়ণ কোঁৱৰ আৰু নিজৰা ফুকনৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক :বাৰ্মিংহামৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব লাভলীনাই

Last Updated :Jun 12, 2022, 1:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.