ETV Bharat / state

Raas Festival in Sivasagar: শিৱসাগৰত ৰাসৰ মাধ্যমেৰে সম্প্ৰীতিৰ নিদৰ্শন

author img

By

Published : Oct 28, 2022, 6:30 PM IST

শুকুৰবাৰে শিৱসাগৰৰ হাঁহচৰা আৰু চেৰেকাপাৰৰ ৰাইজে দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন । শিৱসাগৰৰ হাঁহচৰা আৰু চেৰেকাপাৰৰ ৰাইজে আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত পতাকা উত্তোলন কৰিলে বিভিন্ন জাতি,ধৰ্ম আৰু জনগোষ্ঠীৰ লোকে (Raas Festival in Sivasagar) ৷

raas-festival-in-sivasagar
শিৱসাগৰত ৰাসৰ মাধ্যমেৰে সম্প্ৰীতিৰ নিদৰ্শন

শিৱসাগৰ, 28 অক্টোবৰ: ৰাজ্যখনক শংকৰ সংঘৰ দুটাকৈ ধৰ্মীয় গোড়ামীৰ ঘটনাই (Sankardev Sangha controversy again) জোকাৰি যোৱাৰ সময়তেই বিভেদকামী, বিভাজনমুখী শক্তিৰ বিৰুদ্ধে ওলাই আহিল শিৱসাগৰৰ ৰাইজ । শুকুৰবাৰে শিৱসাগৰৰ হাঁহচৰা আৰু চেৰেকাপাৰৰ ৰাইজে দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন । শিৱসাগৰৰ হাঁহচৰা আৰু চেৰেকাপাৰৰ ৰাইজে আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত পতাকা উত্তোলন কৰিলে বিভিন্ন জাতি,ধৰ্ম আৰু জনগোষ্ঠীৰ লোকে (Raas Festival in Sivasagar) ৷

শিৱসাগৰত ৰাসৰ মাধ্যমেৰে সম্প্ৰীতিৰ নিদৰ্শন

হিন্দু,ইছলাম,খ্ৰীষ্টান ধৰ্মৰ প্ৰতিনিধি সকলোৱে মিলি উত্তোলন কৰিলে ৰাস মহোৎসৱৰ পতাকা । অনুষ্ঠানটোত ৬৩ খন ধৰ্মধ্বজা উত্তোলন কৰা হয় । এই কাৰ্যসূচীত হাঁহচৰাৰ ৫৯ টা নামঘৰ, এটা মৰং ঘৰ ,মণিপুৰী সমাজৰ আৰু মছজিদ সমিতিৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকিল চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডৰ প্ৰতিনিধিও ।

গুৰুজনাৰ প্ৰকৃত আদৰ্শৰে সমাজক একত্ৰিত কৰাৰ প্ৰয়াসৰ অংশ ৰূপে শুকুৰবাৰে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়৷ ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৰাস উৎসৱত জনপ্ৰিয় অভিনেতা তথা বেহাৰবাৰী আউটপ'ষ্টৰ (Beharbari Outpost) কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, মোহনৰ চৰিত্ৰত অভিনয় কৰা দেৱজ্যোতি কেওট, চুমকি কছাৰী(বিউটি), চিমা বৰুৱা(তৰামাই) আৰু বিশিষ্ট অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে অভিনয় কৰিব । এই ৰাস উৎসৱ আগন্তুক ৩০ অক্টোবৰত সামৰণি পৰিব ।

ইফালে, মাজুলীতো পূৰ্ণগতিত চলিছে ৰাস মহোৎসৱৰ প্ৰস্তুতি (Raas Festival in Majuli) ৷ ইতিমধ্যে ৰাস উপলক্ষে সত্ৰনগৰী মাজুলীলৈ আগমন ঘটিছে হাজাৰ-হাজাৰ দেশী-বিদেশী পৰ্যটকৰ (Tourists gather in Majuli) ৷ সামন্তৰালভাৱে ব্যস্ত হৈ উঠিছে মুখা শিল্পীসকলো ৷

উল্লেখযোগ্য় যে, বিগত দুটা বছৰে ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ বাবে ৰাস মহোৎসৱৰ বাবে উলাহ-মালহেৰে পালন কৰা হোৱা নাছিল ৷ পিছে এইবছৰ ক’ভিডৰ ভয়াৱহতা হ্ৰাস পোৱাৰ অন্তত পৰিস্থিতি স্বাভাৱিক হৈ পৰাত অসমৰ বিভিন্ন ঠাইত ৰাসক লৈ চলিছে ব্যাপক উৎসাহ ৷

লগতে পঢ়ক: Neel Pawan Baruah passes away: বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.