ETV Bharat / state

Assam Orunodoi Scheme 2023 : আমগুৰিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ পঞ্চায়ত ঘেৰাও

author img

By

Published : Mar 21, 2023, 1:23 PM IST

Protest In Sivasagar for Orunodoi Scam
আমগুৰিত অৰুণোদয় আঁচনিত দুৰ্নীতি

আমগুৰিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ পঞ্চায়ত ঘেৰাও ৷ বৰাহীবাৰী গাঁও পঞ্চায়ত ঘেৰাও কৰি উত্তাল প্ৰতিবাদ ডেৰ শতাধিক মহিলাৰ (Protest In Sivasagar for Orunodoi Scam) ৷

আমগুৰিত অৰুণোদয় আঁচনিত দুৰ্নীতি

আমগুৰি, 21 মাৰ্চ : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰাহীবাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বৰাহীবাৰী গাঁও পঞ্চায়তত দৰিদ্ৰ মহিলা বিশেষকৈ বিধৱা, শাৰীৰিকভাৱে সক্ষম লোকক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন নকৰি আৰ্থিকভাৱে স্বচ্ছল লোকক হিতাধিকাৰী নিৰ্বাচন কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অৰুণোদয় আঁচনিত যোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট নকৰি পঞ্চায়তখনে আৰ্থিকভাৱে স্বচ্ছল লোকৰ পৰিয়ালক হিতাধিকাৰী নিৰ্বাচন কৰি বিসংগতিপূৰ্ণভাৱে কাম কৰাত এই হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় (Orunodoi Scam in Sivasagar) ।

কেইবাখনো গাঁৱৰ প্ৰায় ১৫০ গৰাকীতকৈও অধিক মহিলা হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হোৱাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । বৰাহীবাৰী গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে অযোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে ।উল্লেখ্য যে, শিৱসাগৰ জিলাৰ বহুকেইটা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইতিমধ্যে বহু বঞ্চিত মহিলাই গাঁও পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰিছে । ইয়াৰ পিছতো মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন (Fraud beneficiaries under Orunodoi scheme)।

শিৱসাগৰ জিলা প্ৰশাসনেও অৰুণোদয় আঁচনিৰ বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত আজিকোপতি ব্যৱস্থা কৰা নাই, ফলত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ ফল লাভৰ পৰা বঞ্চিত হৈছে বহু যোগ্য হিতাধিকাৰী ৷ অৰুণোদয় আচঁনিৰ ধন লাভৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে পঞ্চায়ত ঘেৰাও কৰে ৷ বৰাহীবাৰী গাঁও পঞ্চায়ত ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডেৰ শতাধিক মহিলাই ৷ 'আমাক অৰুণোদয় লাগিবই', 'অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি নচলিব', 'দৰিদ্ৰ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদান কৰক' শ্ল'গানেৰে প্ৰতিবাদী মহিলাই উত্তাল কৰি তোলে প্ৰতিবাদস্থলী (Assam Orunodoi Scheme 2023)৷

লগতে পঢ়ক : Uncle of Amritpal moved to Dibrugarh jail: ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰত অমৃত পাল সিঙৰ খুড়াক হৰজিৎ সিং

দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ পৰিৱৰ্তে আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা, প্ৰধানমন্ত্ৰী আৱাস গৃহৰ গৃহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰাত ক্ষোভিত মহিলাই বৰাহীবাৰী গাঁও পঞ্চায়ত ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest In Sivasagar for Orunodoi Scam) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.