ETV Bharat / state

Protest at Sivasagar: সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আহোম নেকি !

author img

By

Published : Jul 4, 2023, 4:49 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বিৰোধিতাৰে প্ৰতিবাদত কপি উঠিল শিৱসাগৰ ৷ দুটাকৈ সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ‘সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আহোম হয় নেকি !’ এই প্ৰশ্ন উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ ৷

Protest at Sivasagar
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আহোম নেকি !

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আহোম নেকি !

শিৱসাগৰ,4 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বিৰোধিতাৰে প্ৰতিবাদত কপি উঠিল শিৱসাগৰ নগৰ ৷ মঙলবাৰে শিৱসাগৰত দুটাকৈ সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিৰ পৰা বাইক লৈ শিৱসাগৰ নগৰৰ লগতে গাওঁ পৰিভ্ৰমণ কৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে জনমত গঠন কৰিলৈ শতাধিক লোকে বাইক লৈ চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰে শিৱসাগৰ ৰাজপথ ৷

‘‘বিধায়ক সুশান্ত বুৰগোঁহাই, বিধায়ক তৰংগ গগৈ, মন্ত্ৰী যোগেন মোহন বা বিধায়ক চক্ৰধৰ গগৈয়ে হওঁক, আহোম বিধায়ক বুলি তেওঁলোকে দম্ভালি মাৰি আছে ৷ কিন্তু তেওঁলোকে আহোম জনগোষ্ঠীৰ বাবে কি কৰিলে ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৰিত ধৰি তেওঁলোকে আহোমৰ নেতৃত্ব লৈছে ৷ ইয়াতকৈ লজ্জিত কথা নাই ! সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা কি আহোম হয় ! তেওঁ না গগৈ,ফুকন,কোঁৱৰ না বৰগোঁহাই লিখে ৷ তেওঁ মাৰ্ঘেৰিটাহে লিখিছে ৷’’ এই দৰে আহোমৰ বিধায়ক বা নেতৃত্ব বুলি পৰিচয় দিয়া বিধায়কক উভতি ধৰিলে উজনি অসম সমষ্টি সুৰক্ষা সমিতিয়ে ৷

আনহাতে শিৱসাগৰ নগৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে সৰৱ টাই আহোম ছাত্র সন্থা । আটাছুৰ শিৱসাগৰ জিলা(স্ব) সমিতিয়ে মঙলবাৰে দ'লমুখ চাৰিআলিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰ মূৰ্দাবাদ ধ্বনি দি আটাছুৰ শিৱসাগৰ জিলা(স্ব) সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ‘‘আমি পূৰ্বৰ পৰা বিৰোধিতা কৰি আহিছো আৰু কৰি যাম ৷ খিলঞ্জীয়াক শেষ কৰা পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে ৷’’ কোনো কাৰণত এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা মানি লোৱা নহ'ব বুলি সকিয়াই দিয়ে টাই আহোম ছাত্র সন্থাই ৷

লগতে পঢ়ক:Assam Constituency delimitation : পাপৰ ফল ভুগিছে বিধায়ক প্ৰদীপ হাজৰিকাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.