ETV Bharat / state

নামতিৰ বিদ্য়ালয়ত ফ্ৰেইণ্ডছ চেলফ হেল্পৰ বৃক্ষৰোপণ

author img

By

Published : Sep 8, 2022, 9:23 PM IST

Plantation in Namati Chariali High School
নামতিৰ বিদ্য়ালয়ত ফ্ৰেইণ্ডছ চেলফ হেল্পৰ বৃক্ষৰোপণ

পৰিৱেশ প্ৰদূষণৰ ফলত জীৱশ্ৰেষ্ঠ মানৱৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশে গতি কৰিছে । সেয়েহে পৰিৱেশ আৰু জলবায়ুৰ মাজত ভাৰসাম্য় ৰক্ষাৰ বাবে সকলোৱে বৃক্ষৰেপণ কৰিবই লাগিব । এই মহৎ উদ্দেশ্য় আগত ৰাখি বিভিন্ন চৰকাৰী বেচৰকাৰী সংগঠন তথা সন্থাই বৃক্ষৰোপণৰ(Plantation for environment)দৰে কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ।

আমগুৰি, ৮ চেপ্টেম্বৰ: অতি সম্প্ৰতি পৃথিৱীৰ পৰিৱেশলৈ সংকট(Crisis to environment )নামি আহিছে । সেই সংকটৰ লগত বহুলাংশে মোকাবিলা কৰিব পৰাৰ শক্তি কেৱল গছ গছনিৰহে আছে ৷ এই মহৎ উদ্দেশ্য় আগত ৰাখি বিভিন্ন চৰকাৰী বেচৰকাৰী সংগঠন তথা সন্থাই বৃক্ষৰোপণৰ(Plantation for environment)দৰে কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ।

পৰিৱেশ সুৰক্ষা আৰু বনানিকৰণৰ ক্ষেত্ৰত আমগুৰিৰ নামতি চাৰিআলিৰ ফ্ৰেইণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপে (Plantation of Friends Agro Self Help Group)এক পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যত ভয়াৱহভাৱে(Heavy pollution in Assam)বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণৰ ফলত জীৱশ্ৰেষ্ঠ মানৱৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশে গতি কৰিছে । এনে এক ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমগুৰিৰ নামতি চাৰিআলি হাইস্কুলত (Plantation in Namati Chariali High School)ফ্ৰেইণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপৰ সদস্যসকলে বিদ্যালয়ৰ চৌহদত ৰূপণ কৰে গছপুলি । নামতি চাৰিআলি হাইস্কুলত ফ্ৰেইণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক একোটিকৈ গছপুলি প্ৰদান কৰে ।

নামতিৰ বিদ্য়ালয়ত ফ্ৰেইণ্ডছ চেলফ হেল্পৰ বৃক্ষৰোপণ

আনহাতে, বিদ্যালয়ৰ চৌহদত ৰোপণ কৰা গছপুলিসমূহ যত্ন ল'বলৈ চেলফ হেল্প গ্ৰুপটোৱে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক আগবঢ়ালে আৰ্থিক অনুদান । উল্লেখ্য যে ফ্ৰেইণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপটৱে উক্ত অঞ্চলটোত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে । এই গ্ৰুপটোৰ অধীনত দহগৰাকী পুৰুষ-মহিলাই ৭ বিঘা মাটিত মৎস্য পালন কৰিছে । তদুপৰি তেওঁলোকে ২৫ হাজাৰৰো অধিক সাঁচিপুলি, কলপুলি ৰূপনৰ লগতে ছাগলী পালনেৰে নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।

বৰ্তমান সময়ত বনাঞ্চলসমূহ ধ্বংস(Deforestation in Assam)হৈ আহি থকাৰ পৰিপেক্ষিতত পৰিৱেশ আৰু জলবায়ুৰ পৰিবৰ্তন হোৱা বুলি উদ্য়োক্তাসকলে কয় । এই পৰিৱেশ আৰু জলবায়ুৰ মাজত ভাৰসাম্য় ৰক্ষাৰ বাবে আমি সকলোৱে গছ ৰুব লাগে বুলিও কয় উদ্য়োক্তাসকলে । তেওঁলোকে পুনৰ কয় যে বর্তমান পৃথিৱীৰ পৰিৱেশলৈ সংকট নামি আহিছে । সেই সংকটৰ লগত বহুলাংশে মোকাবিলা(Plantation for balance of environment)কৰিব পৰাৰ শক্তি কেৱল গছ-গছনিৰহে আছে ৷ সেয়েহে সেউজ পৃথিৱীৰ বাবে গছপুলি ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা(Appeal for plantation in Assam)কৰিবলৈ তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক:টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.