ETV Bharat / state

Pawan Singh Ghatowar: ডিব্ৰুগড়ৰ সমষ্টিৰ পৰা লুৰীণজ্যোতিক প্ৰাৰ্থীত্ব দিব নেকি কংগ্ৰেছে ?

author img

By

Published : May 11, 2023, 4:29 PM IST

Pawan Singh Ghatowar
Pawan Singh Ghatowar

2024ৰ লোকসভা নিৰ্বাচনত কোন হ’ব ডিব্ৰুগড় সমষ্টিৰ বিৰোধীৰ প্ৰাৰ্থী ? এই সন্দৰ্ভত কি ক’লে পৱন সিং ঘাটোৱাৰে ? আজমলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগকলৈয়ো মন্তব্য ঘাটোৱাৰৰ (Assam political scenario) ৷

আজমল প্ৰসংগত কি ক’লে পৱন সিং ঘাটোৱাৰে ?

শিৱসাগৰ, 11 মে’: আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ ইতিমধ্যেই অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হৈছে 11 টাকৈ ৰাজনৈতিক দল (Lok Sabha election 2024) ৷ কিন্তু এই 11 ৰাজনৈতিক দলত বদৰুদ্দিন আজমলৰ AIUDFক স্থান দিয়া নাই কংগ্ৰেছে ৷ ইয়াৰ পাচতো কিন্তু মিত্ৰতাৰ আশা এৰা নাই আজমলে ৷ কংগ্ৰেছক সমালোচনা কৰিলেও দিল্লীৰ কংগ্ৰেছ হাইকমাণ্ডে বিচাৰিলে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে সাজু বুলি মন্তব্য কৰি আহিছে আজমলে (Congress AIUDF alliance) ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰে ৷ এআআইউডিএফৰ লগত মিত্ৰতা নকৰিলে কংগ্ৰেছ দলে তিনিটা লোকসভা সমষ্টি হেৰুৱাব বুলি আজমলে কৰা মন্তব্যক হাস্যকৰ বুলি অভিহিত কৰে ঘাটোৱাৰে ৷ তেওঁ কয় যে, কংগ্ৰেছ দলে আন এঘাৰটা দলৰ লগত কৰিব লোৱা মিত্ৰতাত বদৰুদ্দিন আজমলৰ দলক আঁতৰাই ৰখাৰ বাবে তেওঁ এইবোৰ বলকি আছে (Pawan Singh Ghatowar on Ajmal) ৷

কোনো এজন লোকৰ কথাত ৰাইজে ভোট নিদিয়ে বুলি তেওঁ উল্লেখ কৰি সেইয়া ৰাইজে নিৰ্ধাৰণ কৰিব বুলি তেওঁ সদৰী কৰে ৷ আনহাতে একাংশ কংগ্ৰেছ নেতাই বিজেপি দলৰ পৰা দৰমহা লোৱা সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘‘এইবোৰ ভিত্তিহীন কথা ৷ বদৰৰ কল্পনা ৷’’

সেইদৰে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে হোৱা মিত্ৰতাত ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈক (Lurinjyoti Gogoi) মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা এতিয়াও নিশ্চিত নহয় বুলি তেওঁ সদৰী কৰে ৷

যদি দলে সময়ত এনে সিদ্ধান্ত লয় তেন্তে তেওঁৰ আপত্তি নাথাকিব বুলি মন্তব্য কৰে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাতবাৰ প্ৰতিদ্বন্দিতা কৰি পাঁচবাৰ জয়ী হোৱা মোৰ এতিয়া আৰু প্ৰতিদ্বন্দিতা কৰাৰ ইচ্ছা নাই বুলি তেওঁ উল্লেখ কৰে ৷ মই এতিয়া কেৱল দলক জয়ী কৰাৰ বাবে সমগ্ৰ অসমত প্ৰচাৰ চলাই যাম বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: ssam politics: মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক গ’লপোষ্টক লৈ বিৰোধীৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.