ETV Bharat / state

Asia Book of Records: পলাশৰ পাতত ভগৱানৰ অৱতাৰ অংকন কৰি এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ পলাশ প্ৰতিমৰ

author img

By

Published : Dec 24, 2022, 2:19 PM IST

Palash Pratims name in Asia Book of Records for painting God on leaves
পলাশৰ পাতত ভগৱানৰ অৱতাৰ অংকন কৰি এছিয়া বুক অব ৰেকৰ্ডছ স্থান লাভ পলাশ প্ৰতিমৰ

শিৱসাগৰৰ পলাশ প্ৰতিম বৰুৱাৰ নাম সন্নিবিষ্ট হ’ল এছিয়া বুক অব ৰেকৰ্ডছ আৰু ভাৰত বুক অব ৰেকৰ্ডছত (Asia and India Records) ৷ পলাশ গছৰ পাতত ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰ অংকন কৰি লাভ কৰিছে এই সন্মান ।

পলাশৰ পাতত ভগৱানৰ অৱতাৰ অংকন কৰি এছিয়া বুক অব ৰেকৰ্ডছত স্থান লাভ পলাশ প্ৰতিমৰ

শিৱসাগৰ, 24 ডিচেম্বৰ: এছিয়া বুক অব ৰেকৰ্ডছত স্থান লাভেৰে গৌৰৱ লাভ শিৱসাগৰৰ পলাশ প্ৰতিম বৰুৱাৰ । শিৱসাগৰৰ পলাশ প্ৰতিম বৰুৱাৰ নাম সন্নিবিষ্ট হ’ল এছিয়া বুক অব ৰেকৰ্ডছ আৰু ভাৰত বুক অব ৰেকৰ্ডছত (Asia and India Records) ৷

পলাশ গছৰ পাতত হিন্দু ধৰ্মাৱলম্বী লোকৰ আৰাধ্য দেৱতা ভগৱান বিষ্ণুৰ অৱতাৰ অংকন কৰি Asia Book of Records আৰু India Book of Recordsত নিজৰ নাম সন্নিবিষ্ট কৰিলে পলাশ প্ৰতিম বৰুৱাই । শিৱসাগৰৰ মেলাচকৰৰ নিৱাসী গুৰু প্ৰসাদ বৰুৱা আৰু অৰ্চনা বৰুৱাৰ পুত্ৰ পলাশ প্ৰতিম বৰুৱাই কঢ়িয়াই আনিলে এই সুনাম (Painting God on leaves)।

পলাশ প্ৰতিম বৰুৱা শিৱসাগৰ কলেজৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ । জানিব পৰা মতে, শিৱসাগৰৰ এজন বিশিষ্ট চিত্ৰশিল্পী সুজিত বৰুৱাৰ পৰা আনুষ্ঠানিকভাৱে চিত্ৰ অংকনৰ শিক্ষা গ্ৰহণ কৰি আছে পলাশে ৷ পলাশে পলাশ গছৰ পাতত চতুৰ্বিংশতি অৱতাৰ অংকনেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা বৰ্ণিত ভগৱান বিষ্ণুৰ ২৪ টা অৱতাৰক অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ আৰু এছিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে ।

পিতৃ-মাতৃ স্বাভাৱিকতে উৎফুল্লিত পলাশৰ এই সফলতাত । উল্লেখযোগ্য যে, ৩ × ২.৫ চে.মি. জোখৰ এই চিত্ৰসমূহ অংকন কৰা হৈছে পুৰণি অসমীয়া পুথিচিত্ৰৰ আৰ্হিত । ইচ্ছা থাকিলে নিজ প্ৰতিভা বিকাশৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ যে অসাধ্য নহয় সেয়া প্ৰমাণ কৰি দেখুৱালে শিৱসাগৰৰ পলাশে ।

লগতে পঢ়ক: Science conference in Jonai: বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত জাগৰণ সৃষ্টিৰ লক্ষ্যৰে জোনাইত বিজ্ঞান সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.