ETV Bharat / state

শিৱসাগৰৰ হেৰ'ইনসহ গ্ৰেপ্তাৰ যুৱক

author img

By

Published : Jun 21, 2021, 2:26 PM IST

শিৱসাগৰত হিৰ'ইন সহ যুৱকক গ্ৰেপ্তাৰ
শিৱসাগৰত হিৰ'ইন সহ যুৱকক গ্ৰেপ্তাৰ

শিৱসাগৰৰ গৌৰীসাগৰত হেৰ'ইনসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে গৌৰীসাগৰ আৰক্ষীয়ে ৷ নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাও টাইকুমলাই গগৈ (২১) নামৰ এজন যুৱকজনক ।

আমগুৰি, 21 জুন: ৰাজ্যত এতিয়া সুলভ হৈ পৰিছে নিচাজাতীয় সামগ্ৰী ৷ যিকোনো প্ৰান্ততে বৰ্তমান উপলব্ধ ড্ৰাগছ, হেৰ'ইন আৰু চুলাই ৷ আৰক্ষীয়ে এই নিচাযুক্ত সামগ্ৰীসমূহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আহিছে অহাৰ লগতে বহুজনক গ্ৰেপ্তাৰ কৰিছে ৷ দেওবাৰে তেনে এক ঘটনাৰ পুনৰাবৃত্তি হ'ল শিৱসাগৰ জিলাৰ গৌৰীসাগৰত ৷ অঞ্চলটোৰ পৰা হেৰ'ইনসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় ৷ গৌৰীসাগৰ আৰক্ষীয়ে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ যুৱকজন চাও টাইকুমলাই গগৈ বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ ঘৰ শিৱসাগৰ বি জি ৰ'ডত ।

ইপিনে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা হেৰ'ইনখিনিৰ মূল্য প্ৰায় ১০,০০০ টকা হ'ব বুলি জনায় ৷ আৰক্ষীয়ে যোৰহাটৰ পৰা 'AS 04S 4191' নম্বৰৰ নেন' গাড়ীৰে শিৱসাগৰলৈ আহি থকা অৱস্থাতে জাঁজী জামুগুৰিত আটক কৰে যুৱকজনক । আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক ৭৫/২১ নম্বৰৰ গোচৰ ২২(এ/২৭) ধাৰা ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, যোৱা 19 জুনত আমগুৰিৰ কেইবাটাও অঞ্চলত আবকাৰী বিভাগে অভিযান চলাই কেইবালিটাৰ চুলাই জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ শেহতীয়াকৈ দেওৰজা মানটনীয়াত আবকাৰী বিভাগ(Amguri Excise Department)ৰ অভিযানত মাটিৰ তলত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰা হৈছিল বহু হাজাৰ লিটাৰ চুলাই ৷ আবকাৰী বিভাগে অভিযান চলাই মানটনীয়াত নষ্ট কৰে প্ৰায় ৩০০০ লিটাৰ চুলাই ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অস্বাস্থ্যকৰভাৱে চুলাই বেপাৰীয়ে প্ৰস্তুত কৰি আহিছে বৰবিহসদৃশ চুলাই ।

আনহাতে, স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, আমগুৰি আৰক্ষী(Amguri police)এ বিভিন্ন অঞ্চলত অভিযান চলাই আহিছে যদিও একাংশ চুলাই বেপাৰীয়ে কোনো কেৰেপ নকৰে ৷ চুলাই ঘাটিসমূহ উৎখাত কৰা হয় যদিও পুনৰাই ঘাটিসমূহ স্থাপন কৰা হয় বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ আৰক্ষীয়ে সাংবাদিকক প্ৰকাশ কৰা অনুসৰি, বৰ্তমানৰ দৰে অনাগত দিনসমূহত ড্ৰাগছ, হেৰ'ইন, চুলাইৰ ঘাটি সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিব অভিযান আৰু এই কাৰ্যৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে আৰক্ষীয়ে ৷

অন্য এক খবৰৰ বাবে: গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.