ETV Bharat / state

শিৱসাগৰ সদৰ থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 15, 2020, 11:29 PM IST

দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাঙ্গীন উন্নয়ণ অভিযান আঁচনি চমুকৈ 'মৈত্ৰী আঁচনি’ৰ অধীনত ১৮৯৯ চনত স্থাপন হোৱা শিৱসাগৰ সদৰ থানাক এক নতুন ৰূপ প্ৰদান কৰা হয় ।

অনলাইনত মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে শিৱসাগৰ সদৰ থানাৰ নৱ নিৰ্মিত ভৱন
অনলাইনত মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে শিৱসাগৰ সদৰ থানাৰ নৱ নিৰ্মিত ভৱন

শিৱসাগৰ,15 জুলাইঃ শিৱসাগৰ নগৰৰ সদৰ আৰক্ষী থানা ভৱনৰ বুধবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি স্কাইপিৰ জৰিয়তে উদ্বোধন কৰে নৱনিৰ্মিত শিৱসাগৰ সদৰ থানাৰ ভৱন । দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাঙ্গীন উন্নয়ণ অভিযান আঁচনি চমুকৈ 'মৈত্ৰী আঁচনি’ৰ অধীনত ১৮৯৯ চনত স্থাপন হোৱা শিৱসাগৰ সদৰ থানাক এক নতুন ৰূপ প্ৰদান কৰা হয় ।

সাধাৰণ আৰক্ষী বিভাগৰ লগতে মহিলা আৰু শিশু সুৰক্ষাৰ বিষয় সমূহ আগবঢ়াই নিয়াৰ বাবে থানাখনত কেতবোৰ সুবিধা উপলব্ধ কৰা হৈছে । আজি মুখ্যমন্ত্ৰী গৰাকীয়ে যোৰহাট জিলাৰ টীয়ক থানাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি উক্তস্থানৰ পৰা শিৱসাগৰ সদৰ থানাৰ লগতে গোলাঘাট জিলাৰ বৰপথাৰ থানা অনলাইনৰ দ্বাৰা উদ্বোধন কৰে ।

উদ্বোধনী অনুষ্ঠান উপলক্ষে শিৱসাগৰ সদৰ থানা চৌহদত আয়োজিত অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মী নন্দন গগৈ, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, বিজেপি দলৰ নেতা ভৱেন মহন, আৰক্ষী অধীক্ষক অমিতাভ সিনহাকে ধৰি শিৱসাগৰ জিলা আৰক্ষীৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়কঃ বানৰ কৱলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.