খুমটাইত কাৰ্গিলৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈলৈ শ্ৰদ্ধাঞ্চলি ভাৰতীয় সেনাৰ - Kargil martyr Captain Jintu Gogoi
Indian Army Tributes to Jintu Gogoi: খুমটাইত কাৰ্গিল শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত ভাৰতীয় সেনাৰ বিশেষ দল । জিণ্টু গগৈৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন সেনাৰ দলটোৰ ।

Published : June 13, 2024 at 9:29 PM IST
গোলাঘাট, ১৩ জুন : ভাৰতীয় সেনাই ভাৰত-পাকিস্তানৰ মাজৰ কাৰ্গিল যুদ্ধ বিজয়ৰ ২৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে । এই কাৰ্গিল বিজয়ৰ ২৫ বছৰীয়া জয়ন্তীৰ প্ৰাকমুহূৰ্তত গোলাঘাট জিলাৰ খুমটাইস্থিত বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনালে ভাৰতীয় সেনাই ।
ভাৰতীয় সেনাৰ আৰ্টিলাৰী ৰেজিমেণ্টৰ বিষয়া আৰু সেনা জোৱানৰ এটা দলে বাইক ৰেলী কৰি আহি খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনায় । সেনা জোৱানৰ দলটোৱে প্ৰথমে কেপ্টেইন জিণ্টু গগৈৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে । ইয়াৰ পিচত শ্বহীদগৰাকীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
আনহাতে, সেনা জোৱানসকলৰ এই আগমনক লৈ পুৰণি স্মৃতি সুঁৱৰি তেওঁলোকৰ সন্মুখত আৱেগিক হৈ পৰে জিণ্টু গগৈৰ পিতৃ-মাতৃ ।
কাৰ্গিলৰ ড্ৰাছলৈ বাইক ৰেলীৰে যাত্ৰা আৰম্ভ কৰা দলটোৱে যাত্ৰাৰ প্ৰাৰম্ভতে শ্বহীদ জিণ্টু গগৈৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰা বুলি উল্লেখ কৰে শ্বহীদ জিণ্টু গগৈৰ পিতৃ ঠগীৰাম গগৈয়ে । আনহাতে, সেনাৰ দলটিক পথৰ দুয়োকাষে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় বিভিন্ন ব্যক্তিয়ে অভিবাদন জনায় ।
উল্লেখ্য যে কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদসকলৰ ত্যাগ আৰু সাহসিকতাক সন্মান জনাই ডিব্ৰুগড়ৰ দিনজান সেনা ছাউনিৰ পৰা বাইক ৰেলী কৰি দেশৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পৰিভ্ৰমণ কৰি ড্ৰাছ পৰ্যন্ত প্ৰায় ৪০০০ কিলোমিটাৰ অতিক্ৰম কৰিব সেনাৰ এই দলটোৱে ।
আনহাতে, শ্বহীদ জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিচত গুৱাহাটী অভিমুখে ৰাওনা হয় ভাৰতীয় সেনাৰ দলটো । গুৱাহাটীৰ নাৰেংগীস্থিত সেনা ছাউনিত আনুষ্ঠানিকভাৱে ফ্লেগঅফ কৰি দলটোৱে যাত্ৰা আৰম্ভ কৰিব । এই আনুষ্ঠানিক ফ্লেগঅফ কাৰ্যসূচী শ্বহীদ জিণ্টু গগৈৰ পিতৃ ঠগীৰাম গগৈৰ হাতেৰে ৰূপায়ণ কৰিবলৈ আমন্ত্ৰণ জনোৱা বুলিও তেওঁ অৱগত কৰে ।
উল্লেখ্য যে ১৯৯৯ চনৰ 26 জুলাইত ভাৰতীয় সেনাই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল ৷ সাহসিকতাৰে 60 দিনীয়া যুদ্ধৰ অন্তত পাকিস্তানক ভাৰতৰ ভূমিৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল ভাৰতীয় সেনা । এই যুদ্ধত শ্বহীদবৰণ কৰিছিল 527 গৰাকী বীৰ জোৱানে ৷ এই যুদ্ধতে দেশমাতৃক নিজ ৰক্তৰে ৰঞ্জিত কৰি গৈছিল অসমৰ সু-সন্তান গোলাঘাট খুমটাইৰ কেপ্টেইন জিণ্টু গগৈয়ে ।
লগতে পঢ়ক : কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মৰাণত তীব্ৰ প্ৰতিবাদ - Protest In Maran

