ETV Bharat / state

শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

author img

By

Published : Nov 16, 2021, 5:28 PM IST

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press day) ৷ মুক্ত আৰু দায়বদ্ধ সংবাদ সেৱাৰ প্ৰতীক হিচাপে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ৷

National Press day celebration
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

শিৱসাগৰ, 16 নৱেম্বৰ : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press day) ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হ'ল মুক্ত আৰু দায়ৱদ্ধ সংবাদ সেৱাৰ প্ৰতীক ৷ ১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা ‘প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়া(Press Council Of India)’ই সেই বছৰৰে ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়(Supreme Court Of India)ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউঞ্চিলৰ কাম-কাজ আৰম্ভ কৰে ৷ তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

গণতন্ত্ৰৰ চাৰিটা স্তম্ভ- বিধানমণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা আৰু সংবাদ মাধ্যম ৷ এই চাৰি স্তম্ভৰ সন্মিলিত কাৰ্যাৱলীয়েই হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়া ৷ আটাইকেইটা স্তম্ভৰ সু-পৰিচালনাতেই গণতন্ত্ৰৰ ভেটি মজবুত হৈ থাকে ৷ সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আমি সকলোৱে জানো ৷ ব্ৰিটিছ সাংসদ লৰ্ড মেক’লিয়ে সংবাদ মাধ্যমক এই বিশেষ সন্মানেৰে বিভূষিত কৰিছিল ৷ গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী বাবেই সংবাদ মাধ্যমক ইয়াৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় ৷

শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

শাসন যন্ত্ৰ আৰু জনসাধাৰণৰ মাজত সেঁতুবন্ধন কৰি এটা সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন দেশ পৰিচালনাত সংবাদ মাধ্যমে যুগ যুগ ধৰি অনবদ্য অৱদান আগবঢ়াই আহিছে ৷ ভাৰতৰ প্ৰেছ কাউঞ্চিলে এইবছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আলোচ্য বিষয় হিচাপে বাচি দিছে- ‘সংবাদ মাধ্যমলৈ ভয় নকৰে কোনে’? অৰ্থাৎ সাংবাদিকতাৰ মূলনীতি সততা, নীতি-নিষ্ঠতা আৰু জনসাধাৰণৰ প্ৰতি পূৰ্ণ দ্বায়ৱদ্ধতাৰে পৰিচালিত সংবাদ মাধ্যমলৈ সকলোৱেই সমীহ কৰে আৰু এনে সাংবাদিকতাই সকলোৰে শ্ৰদ্ধাও লাভ কৰে ৷

প্ৰকৃত সাংবাদিকতাক প্ৰতিনিধিত্ব কৰা সংবাদ মাধ্যমক সকলোৱেই সন্মান জনায় ৷ সেয়ে সংবাদ মাধ্যমৰ এই নৈতিক শক্তিৰ প্ৰতি সমাজৰ সকলো পক্ষই সমীহ কৰিবলৈ বাধ্য হয় ৷ এই বিশেষ দিনটো দেশৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো উদযাপন কৰা হয় ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, শিৱসাগৰ প্ৰেছ ক্লাৱ আৰু শিৱসাগৰ ই-মিডিয়াৰ সহযোগত শিৱসাগৰ ছোৱালী কলেজ(Sivsagar Girls College)ত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press day) ৷

জিলা উপায়ুক্ত মেঘনিধি দাহালৰ সভাপতিত্বত অনুষ্ঠিত প্ৰেছ দিৱস উদ্বোধন কৰে সাহিত্যিক প্ৰেম গগৈয়ে ৷ দিৱসৰ এই বছৰৰ মূল বিষয় "সংবাদ মাধ্যমক ভয় নকৰে কোনে" শীৰ্ষক বক্তৃতা প্ৰদান কৰে লেখক, অধ্যাপক ড৹ উৎপল দত্তই ৷

লগতে চাওক: Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.