ETV Bharat / state

Me Dam Me Phi: দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰত মে-ডাম-মে-ফি অনুষ্ঠান

author img

By

Published : Jan 6, 2023, 4:07 PM IST

দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হ’ব মে-ডাম-মে-ফি ৷ 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব মে-ডাম-মে-ফি ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’ব “ৰংপুৰ শ্ৰী-2023” প্ৰতিযোগিতা ৷ লগতে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব শংকুৰাজ কোঁৱৰ আৰু জ্যোতিমালা বুঢ়াগোহাঁইয়ে ৷

Me Dam Me Phi
দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰত মে-ডাম-মে-ফি অনুষ্ঠান

দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰত মে-ডাম-মে-ফি অনুষ্ঠান

শিৱসাগৰ, 6 জানুৱাৰী: শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মে-ডাম-মে-ফি ৷ 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ আতন বুঢ়াগোহাঁই সমন্বয়ক্ষেত্ৰত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মে-ডাম-মেফি(Me-dam-me-phi 2023) ৷ মে-ডাম-মেফিৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ শংকুৰাজ কোঁৱৰ আৰু জ্যোতিমালা বুঢ়াগোহাঁই ৷

শুকুৰবাৰে শিৱসাগৰ নগৰৰ স্কাইচেফ হোটেলৰ এফ এফ এল জি ব্যায়ামাগাৰত অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই কথা সদৰী কৰে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিয়ে ৷ এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠান ৷ মে-ডাম-মে-ফিৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত ৩১ জানুৱাৰীত পতাকা উত্তোলন, মৈদাম তৰ্পণ, মাঙ্গলিক অনুষ্ঠানৰ লগতে বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব মুকলি সভা(Me Dam Me Phi in Sivsagar) ৷

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু(Prashanta Rajguru), বিশিষ্ট অতিথি হিচাপে থাকিব ছেবাৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, শিক্ষাবিদ দয়ানন্দ বৰগোহাঁই ,গড়গাঁও মহাবিদ্যালয়ৰ(Gargaon College) অধ্যক্ষ ড৹ সব্যসাচী মহন্ত, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোহাঁইকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ সন্ধিয়া ৬ বজাত শিৱসাগৰ জিলা শিক্ষা বিষয়া কমলজ্যোতি গগৈয়ে কৌমুদী ক্ৰিয়েচনৰ ‘আলাবৈ’(Alaboi) নাট্য আলেখ্যখন উদ্বোধন কৰিব ।

আনহাতে সন্ধিয়া 7 বজাত F.F.L.G ব্যায়ামাগাৰৰ সহযোগত সদৌ অসম ভিত্তিত প্ৰাইজমাণি “ৰংপুৰশ্ৰী-2023” প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাখন উদ্বোধন কৰিব প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে । উল্লেখ্য যে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী প্ৰতিযোগী গৰাকীক 1 লাখ টকা নগদ ধন, দ্বিতীয় শ্ৰেষ্ঠ গৰাকীক 50 হাজাৰ নগদ ধন প্ৰদান কৰাৰ লগতে আন 8 গৰাকী প্ৰতিযোগীকো নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব ।

ইফালে, মে-ডাম-মে-ফিৰ দ্বিতীয় দিনা অর্থাৎ 1 ফেব্ৰুৱাৰীৰ কাৰ্যসূচী হিচাপে দিনৰ 11 বজাত শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত হ’ব লগীয়া চিত্ৰাংকন প্ৰতিযোগিতাৰ উদ্বোধন কৰিব শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ(Sivsagar Commerce College) অধ্যক্ষ ড৹ সৌমাৰজ্যোতি মহন্তই । বিয়লি 3 বজাত প্ৰদৰ্শন কৰা হ’ব তাই সাংস্কৃতিক অনুষ্ঠান । সন্ধিয়া 5 বজাত অনুষ্ঠিত হ’ব লগীয়া সাংস্কৃতিক অনুষ্ঠানখন উদ্বোধন কৰিব শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে(MLA Akhil Gogoi) । অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী যোগেন মহন ৷

লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ । সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ আৰু জ্যোতিমালা বুঢ়াগোহাঁয়ে । উদ্যোক্তা সকলে অনুষ্ঠানৰ দুয়োটা দিনৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে ।

লগতে পঢ়ক: Tiphuk festival preparation: ভোগালীৰ প্ৰাকক্ষণত আমগুৰিত টিফুক মহোৎসৱ আয়োজনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.