ETV Bharat / state

Body recovered in Sivasagar: গৌৰীসাগৰত পিতনিত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

author img

By

Published : Feb 8, 2023, 9:19 AM IST

Man body found on side of NH37 in Gaurisagar Sivasagar
পিতনিৰ পৰা উদ্ধাৰ মৃতদেহ

গৌৰীসাগৰত চাঞ্চল্যকৰ ঘটনা ৷ পিতনিৰ পৰা উদ্ধাৰ এটা মৃতদেহ (Body recovered in Sivasagar)৷ কিন্তু মৃতদেহত নাছিল কোনো আঘাতৰ চিন ৷ এখন ধাৱাত কৰ্মৰত আছিল লোকজন ৷ পিছত ধাৱাৰ সমুখৰ পিতনিৰ পৰাই উদ্ধাৰ হয় লোকজনৰ মৃতদেহ ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই লোকজনৰ মৃত্যুৰ কাৰণ ৷

আমগুৰি, ৮ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ গৌৰীসাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ গৌৰীসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মংগলবাৰে বিয়লি উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ (Man body found on side of NH37 in Gaurisagar) ৷ কিন্তু আশ্চৰ্যজনক বিষয় যে মৃতদেহটোত নাছিলে কোনো আঘাতৰ চিন ৷ ইফালে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে দাঁতিকাষৰীয়া অঞ্চলজুৰী সৃষ্টি হৈছে চাঞ্চল্য (Body recovered in Gaurisagar) ৷

গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীঘূলি তিনিআলিৰ শিৱানী নামৰ ধাৱাখনৰ সন্মুখৰ পিতনিৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো । মৃতদেহ উদ্ধাৰ হোৱা ব্যক্তিজন বিনয় বৰা (৪২) বুলি চিনাক্ত কৰা হৈছে ৷ পূৰ্বে দিন হাজিৰা কৰি কোনোমতে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছিল খনামুখ ভিতৰুৱালৰ নিবাসী বিনয় বৰাই ৷ কিন্তু শেহতীয়াকৈ দুই পইছা বেছি পোৱাৰ আশাত শিৱানী নামৰ ধাৱাখনত কৰ্মচাৰী হিচাপে নতুনকৈ যোগদান কৰিছিল লোকজনে ।

নতুনকৈ ধাৱাখনত যোগদান কৰিয়েই বিনয় বৰাই নিয়াৰিকৈ পালন কৰি গৈছিল নিজৰ কৰ্তব্য ৷ প্ৰত্যেক দিনাই পুৱা 6 বজাত ঘৰৰ পৰা নিজৰ কৰ্তব্য সম্পাদনা কৰিবলৈ উলাই আহে বিনয় বৰা ৷ প্ৰত্যেক দিনাৰ দৰে মঙলবাৰেও বিনয় বৰাই পুৱা 6 বজাত কৰ্তব্য সম্পাদন কৰিবলৈ বুলি ঘৰৰ পৰা উলাই আহিছিল শিৱানী ধাৱালৈ ৷ দিনটো ধাৱাখনত নিজৰ কাম সম্পাদনা কৰে যদিও বিয়লি ভাগত হঠাৎ ধাৱাখনৰ পৰা সন্ধানহীন হৈ পৰে লোকজন ৷

পিছত এন্ধাৰ হোৱাৰ পূৰ্বে অৰ্থাৎ সন্ধিয়া স্থানীয় কেইজনমান লোকে ধাৱাৰ সন্মুখৰ পিতনিদৰাত প্ৰত্যক্ষ কৰে বিনয় বৰাৰ মৃতদেহ ৷ লগে লগে বিষয়টো সন্দৰ্ভত খবৰ দিয়ে গৌৰীসাগৰ আৰক্ষীক । খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হয় গৌৰীসাগৰ আৰক্ষী ৷ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত পিতনিৰ পৰা উদ্ধাৰ কৰি মৃতদেহটো চিনাক্ত কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে প্ৰাথমিক তদন্ত ৷

প্ৰাথমিক তদন্তত আৰক্ষীয়ে মৃতদেহটোত কোনো ধৰণৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰা নাই ৷ যদিও কি পৰিস্থিতিত লোকজনে মৃত্যুক সাৱটি ল’লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে সেয়া প্ৰকাশ পাব ৷ আনহাতে ঘটনা সন্দৰ্ভত শিৱানী ধাৱা কৰ্তৃপক্ষই এইমুহূৰ্তলৈকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ।

সাংবাদিকৰ সন্মুখত শিৱানী ধাৱা কৰ্তৃপক্ষ ঘটনা সন্দৰ্ভত নিমাত । ফলত সমগ্ৰ ঘটনা এক প্ৰকাৰে সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত । বৰ্তমানলৈকে গৌৰীসাগৰ আৰক্ষীয়েও এই লৈ কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: Shraddha like murder case: শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি এইবাৰ ঝাৰখণ্ডত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.