ETV Bharat / state

গৰাখহনীয়াত সৰ্বশ্ৰান্ত আমগুৰিৰ এখন গাঁও

author img

By

Published : Aug 14, 2022, 8:48 PM IST

Jhanji River erosion at Amguri
গৰাখহনীয়াত সৰ্বশ্ৰান্ত আমগুৰিৰ এখন গাঁও

জাঁজী নৈৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত এখন গাঁও (Jhanji River erosion at Amguri) ৷ উজাগৰী নিশা কটাইছে বহু কেইটা পৰিয়ালে ৷ যিকোনো মুহুৰ্তত ঘটিব পাৰে অঘটন ৷ জাঁজীৰ বুকুত জাহ যোৱাৰ উপক্ৰম বহুকেইটা বাসগৃহ ৷ হাহাকাৰ অৱস্থা লাহদৈগড় মিচিং গাঁওবাসীৰ ৷

আমগুৰি, 14 আগষ্ট : স্বাধীনতাৰ 75 সংখ্যক বৰ্ষপূৰ্তি (75th years of Independence of India) উপলক্ষে সমগ্ৰ দেশতে পালিত হৈছে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা (Har Ghar Tiranga) কাৰ্যসূচী ৷ চৰকাৰৰ আহ্বান মৰ্মে দেশৰ জনতাই নিজৰ ঘৰত তুলিছে একোখনকৈ জাতীয় পতাকা ৷ কিন্তু একে সময়তে নিজৰ ঘৰ-বাৰী হেৰুওৱাৰ উপক্ৰম হৈছে অসমৰ এখন নৈপৰীয়া গাঁৱৰ ৰাইজ ৷

গৰাখহনীয়াত সৰ্বশ্ৰান্ত আমগুৰিৰ এখন গাঁও

যোৱা বহু বছৰ ধৰি গৰাখহনীয়াৰ কৱলত পৰি সৰ্বশ্ৰান্ত হৈছে লাহদৈগড় মিচিং গাঁওবাসী (Jhanji River erosion at Amguri)। বিশটাৰো অধিক পৰিয়ালে গৰাখহনীয়াৰ কৱলত পৰি ঘৰ-বাৰী এৰি ঢাপলি মেলিব লগীয়া হৈছে অন্য ঠাইলৈ । যিকোনো সময়তে আপোন ঘৰখন নদীৰ বুকুত জাহ যোৱাৰ আশংকাত উজাগৰী নিশা পাৰ কৰিছে বহুকেইটা পৰিয়ালে ।

কিন্তু সমষ্টিবাসীৰ এই দুৰ্যোগৰ প্ৰতি কাণসাৰ নাই আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ।

নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই গৰাখহনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও ৰাজপাট লাভ কৰাৰ পিছতেই যেন পাহৰি যায় সেই প্ৰতিশ্ৰুতি । বাৰে বাৰে এইদৰে বঞ্চনাৰ বলি হোৱাৰ ফলত ৰাজনৈতিক নেতাৰ প্ৰতি বিশ্বাস নোহোৱা হৈছে লাহদৈগড় মিচিং গাঁওবাসীৰ ।

76 বছৰত ভৰি থ’লে স্বাধীন ভাৰতে । এক উৎসৱ আৰু আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ দেশত । কিন্তু লাহদৈগড় মিচিং গাঁৱত নাই স্বাধীনতাৰ সেই আনন্দ । ত্ৰিৰংগ পতাকাখন তুলিবলৈও যেন ভেটি নোহোৱা হৈছে তেওঁলোকৰ ৷ গৰাখহনীয়াৰ ভয়ে খেদি ফুৰা এই লোকসকলে উপায়ন্তৰ হৈ এতিয়া আঁঠু ল'বলগীয়া হৈছে নেদেখাজনৰ চৰণত ।

শীঘ্ৰে ৰাজ্যৰ সংশ্লিষ্ট মন্ত্ৰীক গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে লাহদৈগড় মিচিং গাঁওবাসীয়ে ।

লগতে পঢ়ক : অসমৰ 23 গৰাকী আৰক্ষী বিষয়া জোৱানলৈ পদক ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.