ETV Bharat / state

Ajan Pir Dargah under threat of erosion: ঐতিহাসিক আজান পীৰ দৰগাহলৈ কঢ়িয়াই আনিছে অশনি সংকেত

author img

By

Published : Nov 22, 2022, 1:58 PM IST

Erosion in Amguri
ঐতিহাসিক আজান পীৰ দৰগাহলৈ কঢ়িয়াই আনিছে অশনি সংকেত

শিৱসাগৰ জিলাৰ ঐতিহাসিক আজান পীৰ দৰগাহলৈ কঢ়িয়াই আনিছে অশনি সংকেত (Ajan Pir Dargah under threat of erosion of Brahmaputra) ৷ যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ খনীয়াই নিশেষ কৰি দিব পাৰে ঐতিহাসিক স’ৰাগুৰি চাপৰিত অৱস্থিত আজান পীৰ দৰগাহ শ্বৰিফ ।

আমগুৰি, ২২ নৱেম্বৰ: ৰাজ্যত প্ৰতি বছৰে অহা বানৰ সমান্তৰালকৈ খহনীয়াৰ তাণ্ডৱত দিশহাৰা হৈ পৰে নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷

বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam) ৷ এনেদৰেই নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷ শেহতীয়াকৈ খহনীয়াৰ ফলত শিৱসাগৰ জিলাৰ ঐতিহাসিক আজান পীৰ দৰগাহলৈ কঢ়িয়াই আনিছে অশনি সংকেত ৷

ঐতিহাসিক আজান পীৰ দৰগাহলৈ কঢ়িয়াই আনিছে অশনি সংকেত

ব্ৰহ্মপুত্ৰৰ খহনীয়াই স’ৰাগুৰি চাপৰিত ভয়ংকৰ ৰূপ ধাৰণ কৰাত ঐতিহাসিক আজান পীৰ দৰগাহৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি (Ajan Pir Dargah under threat of erosion of Brahmaputra) । কেমেৰাৰ সন্মুখতে চপৰা চপৰে খহিছে স'ৰাগুৰি চাপৰিৰ গৰা (Erosion in Amguri) । যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ খনীয়াই নিশেষ কৰি দিব পাৰে ঐতিহাসিক স’ৰাগুৰি চাপৰিত অৱস্থিত আজান পীৰ দৰগাহ শ্বৰিফ । ২০১০ চনৰ পৰাই ঐতিহাসিক স’ৰাগুৰি চাপৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে (Erosion in Brahmaputra)।

ইফালে খহনীয়াৰ তাণ্ডৱত উপায়বিহীন ইয়াৰ দাঁতিকাষৰীয়া ৰাইজ ৷ ভয়, শংকাত এতিয়া দিন পাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ তেওঁলোকৰ অভিযোগ, জনপ্ৰতিনিধি কিম্বা চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সঁহাৰি লাভ নকৰিলে ৷ সেয়ে এতিয়া চাপৰিৰ গাঁওবাসী শৰণাপন্ন হৈছে মহাবাহুৰ । লগতে চাকি-বন্তি জ্বলাই, ধূপ-দীপ দি প্ৰাৰ্থনা জনাইছে নেদেখাজনৰ ওচৰত । অসমৰ অন্যতম ঐতিহাসিক স্থান স'ৰাগুৰি চাপৰি যাতে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা পৰা তথা এই লৈ চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰি সেৱা লৈছে গাঁওবাসীয়ে ৷

উল্লেখ্য যে বনভোজস্থলী হিচাপেও পৰিচিত স'ৰাগুৰি চাপৰিলৈ প্ৰতিবছৰে অসমৰ বিভিন্ন জিলাৰ পৰা বনভোজ খাবলৈ আহে বহু লোক । আনহাতে ঐতিহাসিক স্থান হিচাপে আজান পীৰ দৰগাহ শ্বৰিফলৈ (Ajan Pir Dargah) বছৰৰ বিভিন্ন সময়ত দেশী-বিদেশী পৰ্যটক আহি দৰ্শন কৰে । সেয়েহে এই ঐতিহাসিক স্থান ৰক্ষাৰ্থে ৰাজ্যৰ জলসম্পদ বিভাগৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে অঞ্চলবাসীয়ে । খহনীয়া ৰোধ কৰা আৰু আজান পীৰ দৰগাহ, স'ৰাগুৰি চাপৰিক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক: Erosion at Amguri: আমগুৰি সমষ্টিৰ ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.